এটা দলে ধৰ্মৰ ভিত্তিত ভোট বিভাজন কৰাৰ চেষ্টা অব্যাহত ৰাখিছিল। আন এটা গোটে ৰাজ্যৰ নেতৃত্বৰ ভিতৰত বিভাজন দূৰ কৰিবলৈ চেষ্টা কৰিছিল। বুধবাৰে কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ (Karnataka Election) ৪৮ ঘণ্টা পূৰ্বে সোমবাৰে ভোটদানৰ অন্ত পৰে। প্ৰচাৰৰ অন্তিমদিনা অমিত শ্বাহে (Amit Shah) কংগ্ৰেছে সংখ্যালঘুৰ পক্ষত ভোট মেৰুকৰণ কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয়, সংখ্যালঘুসকলক সন্তুষ্ট কৰিবলৈ কংগ্ৰেছে কৰ্ণাটকত মুছলমানসকলৰ বাবে ৪ শতাংশ সংৰক্ষণ প্ৰৱৰ্তন কৰিছিল। বিজেপিয়ে সেয়া উঠাই দিয়ে।
অমিত শ্বাহে ধৰ্মীয় বিভাজন সৃষ্টি কৰিবলৈ চেষ্টা কৰি থকাৰ সময়তে কৰ্ণাটকত ৰাজ্যিক নেতৃত্বত যে কোনো বিভাজন নাই সেই কথা দেখুৱাবলৈ কংগ্ৰেছে ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াৰ মাজত এক সহযোগিতা চিত্ৰিত কৰিবলৈ চেষ্টা কৰিছে। কংগ্ৰেছ পুনৰ ক্ষমতালৈ আহিলে মুখ্যমন্ত্ৰী হʼবলৈ হাহাকাৰ কৰিছে দুয়োজন নেতাই। কংগ্ৰেছে আজি এটা ভিডিঅ’ প্ৰকাশ কৰে। ইয়াৰ পৰা দেখা যায় যে শিৱকুমাৰ আৰু সিদ্দাৰমাইয়া নিৰ্বাচন আৰু বিজেপিৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভক লৈ গভীৰ আলোচনাত লিপ্ত হৈছে।
প্ৰচাৰৰ অন্তিমদিনা বেংগালুৰুত সংবাদমেল অনুষ্ঠিত কৰাৰ কথা আছিল ৰাহুল গান্ধীয়ে (Rahul Gandhi)। কিন্তু বাতিল কৰা হয়। সূত্ৰ অনুসৰি, প্ৰিয়ংকা গান্ধী ভাদ্ৰা (Priyanka Gandhi) ইয়াৰ বিৰোধী আছিল। তাৰ পৰিৱৰ্তে বাংগালুৰুৰ কানিংহাম ৰোডৰ কেফেত কফি খাই ৰাহুলে চৰকাৰী বাছত উঠে। মহিলাসকলৰ লগত কথা পাতিবলৈ ধৰে। চৰকাৰলৈ আহিলে মহিলাৰ বাবে বিনামূলীয়া বাছযাত্ৰা, গৃহলক্ষ্মী আঁচনিৰ অধীনত মহিলাৰ বাবে ২০০০ টকা ভাট্টা আদি কংগ্ৰেছে দিয়া প্ৰতিশ্ৰুতিৰ কথা কয়। মহিলাসকলে তেওঁক কয় মূল্যবৃদ্ধি, ঘৰুৱা খৰচ বৃদ্ধিৰ সমস্যা।
ইফালে অমিত শ্বাহে দাবী কৰে যে কংগ্ৰেছে যিমানেই চেষ্টা নকৰক কিয় কৰ্ণাটকত বিজেপি সংখ্যাগৰিষ্ঠতাৰে পুনৰ ক্ষমতালৈ আহিব।
আনহাতে, বেংগালুৰুত প্ৰচাৰৰ অন্তিমদিনা ৰোড-শ্ব’ৰ অন্তত প্ৰিয়ংকা গান্ধী ভাদ্ৰাই কয় যে কংগ্ৰেছে চৰকাৰ গঠন কৰিব। কংগ্ৰেছে ১০ তাৰিখে ভোটগ্ৰহণ কৰাৰ পিছত সমগ্ৰ ৰাজ্যৰ ইভিএমসমূহ পহৰা দিবলৈ দলীয় কৰ্মীৰ বিশেষ দল গঠন কৰিছে। এই কৰ্মীসকলে ১৩ মে’লৈকে গণনা কৰি পাল পাতি ইভিএমৰ ষ্ট্ৰংৰুমত পহৰা দিব।