ভূমি বিবাদক কেন্দ্ৰ কৰি এগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণৰ (Gang Rape) অভিযোগ উত্থাপন হৈছে পাঁচজন ব্যক্তিৰ বিৰুদ্ধে। মধ্যপ্ৰদেশৰ (Madhya Pradesh) ৰাজগড় জিলাত সংঘটিত হয় এই ঘটনা। গাফিলতিৰ অভিযোগ উত্থাপিত হৈছে আৰক্ষীৰ বিৰুদ্ধে । ভীম সেনাই প্ৰতিবাদৰ সতৰ্কবাণী দিয়াৰ পিছতে আৰক্ষীয়ে এফআইআৰ ৰুজু কৰে। এই ঘটনাৰ ৫ অভিযুক্তৰ ভিতৰত চাৰিজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
ভূমিক কেন্দ্ৰ কৰি দুয়োটা পৰিয়ালৰ মাজত হোৱা বিবাদ বহুত পুৰণি। শেহতীয়াকৈ মাটিৰ ‘পট্টা’ৰ মালিকীস্বত্বক লৈ নতুন বিবাদৰ সৃষ্টি হয়। যোৱা বৃহস্পতিবাৰে সন্ধিয়া এটা পৰিয়ালৰ ৮ জন সদস্যই আন এটা পৰিয়ালৰ ঘৰত আক্ৰমণ চলায়। সেই সময়ত সকলোৱে ঘৰত শুই আছিল। শিলভঙা মেচিনৰ বেল্টেৰে পৰিয়ালটোৰ লোকক আক্ৰমণ কৰে দুৰ্বৃত্তই। প্ৰহাৰৰ ফলত পৰিয়ালটোৰ পুৰুষ সদস্যসকলে চেতনা হেৰুৱাই পেলায়। ইয়াৰ পিছত আক্ৰমণকাৰীয়ে যুৱতীগৰাকীকক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ।
আনহাতে, যেতিয়া ভুক্তভোগীৰ পৰিয়ালে দলবদ্ধ ধৰ্ষণৰ এজাহাৰ দাখিল কৰিবলৈ থানালৈ যায়, তেতিয়া আৰক্ষীয়ে প্ৰথমে তেওঁলোকক উভতাই পঠিয়াই দিয়ে। পিছত দলবদ্ধ ধৰ্ষণৰ পৰিৱৰ্তে নিৰ্যাতনৰ গোচৰ ৰুজু কৰা হয়। এই কথা জানিব পাৰি ভীম আৰ্মীয়ে থানাৰ সন্মুখত প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে। আৰক্ষীক এজাহাৰ দাখিল আৰু এফআইআৰ দাখিল কৰিবলৈ ২৪ ঘণ্টাৰ সময়সীমা দিয়া হয়। ইয়াৰ পিছতে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰে।জানিব পৰা মতে, আৰক্ষীয়ে পাঁচজন লোকৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণৰ গোচৰ ৰুজু কৰিছে। ইতিমধ্যে চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।