কাৰবি আংলং (Karbi Anglong) জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ ডিলাইত (Dillai) আজি বিয়লি পুণৰ বুজন পৰিমানৰ সন্দেহযুক্ত হেৰইনসহ আটক (Arrested with heroin) কৰা হৈছে এটা সৰবৰাহকাৰী ৷ এক গোপন খবৰৰ ভিত্তিত আজি বিয়লি প্ৰায় ১ মান বজাত উপ-পৰিদৰ্শক দীপক লাহন, উপপৰিদৰ্শক (পি) শৰৎ কাকতি আৰু ডিলাই থানা (Dillai Police Station)ৰ ষ্টাফৰ সহযোগত ডিলাই তিনি আলিত এক বিশেষ নাকা স্থাপন কৰা হয়৷ তালাচী কালত ডিমাপুৰ দিশৰ পৰা আহি থকা অৱস্থাত AS02 AJ 8278 নম্বৰৰ মটৰ চাইকেলত তালাচী চলাই চালক নুৰ মহম্দৰ পৰা দুটা চাবোনৰ বাকচত কঢ়িয়াই অনা অৱস্থাত 25 দশমিক 91 গ্ৰাম সন্দেহযুক্ত হেৰ’ইন জব্দ (Heroin seized) কৰিবলৈ সক্ষম হয়৷
হেৰইনখিনি নিৰপেক্ষ সাক্ষীৰ ওচৰত জব্দ কৰি তদন্ত অব্যাহত ৰখা হৈছে বুলি জানিব পৰা গৈছে৷ ধৃত নুৰ মহম্মদ নগাওঁ জিলাৰ ধিং থানাৰ অন্তৰ্গত মঁহখুটি গাঁৱৰ আব্দুল বাৰিকৰ পুত্ৰ বুলি চিনাক্ত কৰা হৈছে ৷ উল্লেখ যোগ্যযে, ধৃত নুৰ মহম্মদ বৰ্তমান কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ পানবাৰীত লোহা-লক্কৰৰ ব্যৱসায় কৰি জীৱিকা-নিৰ্বাহ কৰে বুলি জানিব পৰা গৈছে৷