আইপিএল (IPL)ৰ শ্ৰেষ্ঠ প্ৰদৰ্শনৰ বঁটা (Best Performance Award) লাভ কৰিলে আজিংক্য ৰাহানেয়ে (Ajinkya Rahane)। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবে টিম ইণ্ডিয়াৰ ১৫ জনীয়া দলত সুযোগ লাভ কৰে ৩৪ বছৰীয়া ৰাহানেয়ে। প্ৰায় ১৫ মাহৰ পিছত পুনৰ জাতীয় দললৈ উভতিছে ৰাহানে (Rahane returns to the national team)। যোৱা বছৰৰ জানুৱাৰী মাহত তেওঁ অন্তিমবাৰৰ বাবে দেশৰ হৈ টেষ্ট খেলিছিল। বৰ্তমান আইপিএলত চেন্নাইৰ হৈ খেলি আছে ৰাহানেয়ে।
ইতিমধ্যে কেইবাটাও চিত্তাকৰ্ষক ইনিংছ খেলিছে তেওঁ। ৰাহানেয়ে কেকেআৰৰ বিৰুদ্ধে ইডেনত একেবাৰে ছুপাৰ হিট ৰূপত অৱতীৰ্ণ হয়। আইপিএলত এই পৰ্যন্ত ২০৯ ৰান সংগ্ৰহ কৰিছে। ষ্ট্ৰাইক ৰেট ১৯৯.০৪! গড় ৫২.২৫। গতিকে নিৰ্বাচকসকলে আৰু ভুল কৰিবলৈ ইচ্ছুক নহয়। ৰাহানে পুনৰ দলত।
ইফালে আঘাতৰ বাবে খেলিব নোৱাৰে শ্ৰেয়াছ আয়াৰে। মিডল অৰ্ডাৰত এজন নিৰ্ভৰযোগ্য বেটছমেনৰ প্ৰয়োজন আছিল। ইয়াৰ পিছতে বৰ্ডাৰ–গাভাস্কাৰ ট্ৰফীৰ পৰা আঁতৰি যায় সূৰ্যকুমাৰ যাদৱ। নিৰ্বাচকসকলে তেওঁক চূড়ান্ত দলত ৰখাৰ কথা বিবেচনা নকৰিলে। যাৰ বাবে এই পৰ্যন্ত দেশৰ হৈ ৮২ খন টেষ্ট খেলা ৰাহানে পুনৰ ঘূৰি আহিছে।
অলৰাউণ্ডাৰ শাৰদুল ঠাকুৰকো স্থান দিয়া হৈছে। সূৰ্য অবিহনে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয় আৰু চতুৰ্থ টেষ্টত অংশগ্ৰহণ কৰা দলটোৰ পৰা কুলদীপ যাদৱ আৰু ঈশান কিষাণকো বাদ দিয়া হৈছে। অহা ৭-১১ জুনত অভেলত অনুষ্ঠিত হʼব আইচিচি টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল। ভাৰতীয় দল : ৰোহিত শৰ্মা (অধিনায়ক), শুভমান গিল, চেতেশ্বৰ পূজাৰা, বিৰাট কোহলী, আজিংক্য ৰাহানে, লোকেশ ৰাহুল, শ্ৰীকৰ ভাৰত (উইকেটকীপাৰ), ৰবিচন্দ্ৰন অশ্বিন, ৰবিন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, শাৰদুল ঠাকুৰ, মহম্মদ ছামি, মহম্মদ চিৰাজ, উমেশ যাদৱ আৰু জয়দেৱ উনাদকাট।