সাগৰত সৃষ্টি হোৱা পানীৰ ঘূৰ্ণীবতাহ! যাৰ বাবে সাগৰ অশান্ত হৈ পৰিছে। সেই ঘূৰ্ণীবতাহ (Cyclone)ত পানীৰ দিশ তলৰ পৰা ওপৰলৈ নে ওপৰৰ পৰা তললৈ হয়, সেয়া বুজিব নোৱাৰি। এই ছবিখন ২০১৩ চনৰ জুলাই মাহত ফ্লোৰিডাৰ টাম্পা বেʼত (Tampa Bay, Florida) তোলা হৈছিল। মহাকাশ গৱেষণা সংস্থা নাছা (NASA)ই সেই বিৰল ছবিখন জনসাধাৰণৰ মাজলৈ পুনৰ আনি এই ঘূৰ্ণীবতাহৰ কাৰণ (cause of the cyclone) বুজাই দিলে।
আটলাণ্টিক মহাসাগৰৰ কাষৰীয়া ফ্লোৰিডাৰ উপকূলীয় অঞ্চলত বছৰত কেইবাবাৰো এই সাগৰীয় ঘূৰ্ণীবতাহ পৰ্যবেক্ষণ কৰিব পৰা যায় বুলি বিশ্বাস কৰা হয়।সাগৰৰ উষ্ণ পানীৰ ওপৰত আৰ্দ্ৰ বায়ুৰ ঘূৰ্ণনশীল স্তম্ভবোৰক পানীৰ স্পাউট বোলা হয়। যিকোনো ঘূৰ্ণীবতাহৰ দৰেই ই বিপজ্জনক হʼব পাৰে। এই সাগৰীয় ঘূৰ্ণীবতাহৰ বতাহৰ গতিবেগ প্ৰতি ঘণ্টাত ২০০ কিলোমিটাৰতকৈও অধিক।
আমোদজনকভাৱে এই ঘূৰ্ণীবতাহবোৰ বিজুলী নোহোৱাকৈ আৰু মোটামুটি শান্ত বতৰত গঠন হʼব পাৰে। এই পানীৰ স্পাউটবোৰক মূলতঃ দুটা ভাগত ভাগ কৰা হয়, ‘টৰ্নেডিক ৱাটাৰস্পাউট’ (Waterspout) আৰু ‘ফেয়াৰ ৱেদাৰ ৱাটাৰস্পাউট’।
‘টৰ্নেডিক ৱাটাৰস্পাউট’ মূলতঃ পানীৰ ওপৰত বা উপকূলত গঠন হয় আৰু লাহে লাহে সাগৰৰ ফালে গতি কৰে। ‘টৰ্নেডিক ৱাটাৰস্পাউট’ সমতল গঠনকাৰী ঘূৰ্ণীবতাহৰ পৰা বৈশিষ্ট্যগতভাৱে পৃথক নহয়। স্থল ঘূৰ্ণীবতাহৰ দৰেই এই সাগৰীয় ঘূৰ্ণীবতাহবোৰেও তীব্ৰ ধুমুহা, তীব্ৰবেগী বতাহ, শিলাবৃষ্টি আৰু বিপজ্জনক বিজুলীৰ সৃষ্টি কৰিব পাৰে।আনহাতে, ‘ফেয়াৰ ৱেদাৰ ৱাটাৰস্পাউট’ সাধাৰণতে সমুদ্ৰপৃষ্ঠত সৃষ্টি হয়। ইয়াৰ কেন্দ্ৰত ধুমুহা দেখা নাযায়। লগতে এই ঘূৰ্ণীবতাহ শান্ত বতৰতো গঠন হʼব পাৰে।