অসম-নাগালেণ্ড সীমান্তত পুণৰ উদ্ধাৰ হৈছে বৰবিহ সদৃস সন্দেহযুক্ত হেৰ’ইন (Heroin)৷ ড্ৰাগছ, গাঞ্জা, নিচাজাতীয় টেবলেটকে আদিকে ধৰি বিভিন্ন ধৰণৰ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে বোকাজান আৰক্ষী (Bokajan Police)য়ে ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰাখিছে। ন-ন কৌশলেৰে সৰবৰাহকাৰীয়ে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহৰ চেষ্টা অব্যাহত ৰাখিছে যদিও বিশেষকৈ অসম-নাগালেণ্ড সীমান্তৰ বোকাজান মহকুমা (Bokajan Sub division)ৰ অন্তৰ্গত লাহৰিজান (Lahorijan), খটখটী (Khatkhati), বৰপথাৰ খাকৰাজান, ডিলাই (Delai) আদিত নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীৰ কৌশলক ব্যৰ্থ কৰিছে বোকাজান আৰক্ষীয়ে। নিচাজাতীয় সামগ্ৰী সৰবৰাহকাৰীয়ে কাৰ্বি আংলঙৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথক নিৰাপদ কৰিডৰ হিচাপে ব্যৱহাৰ কৰি আহিছে যদিও সীমান্তৰ অঞ্চলত বোকাজান মহকুমা আৰক্ষীৰ তীক্ষ্ণ নজৰৰ পৰা হাত হাৰি যাব পৰা নাই এনে সৰবৰাহকাৰী।
আজি পুণৰ কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমা আৰক্ষীয়ে নিচাযুক্ত ড্ৰাগছৰ বিৰুদ্ধে লাভ কৰে এক বৃহৎ সফলতা। প্ৰাপ্ত খবৰ অনুসৰি কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত লাহৰিজানত এক গোপন খবৰৰ ভিত্তিত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত আজি মাজ নিশা ডিলাই খটখটী অ’চি, থানা ষ্টাফ আৰু চি ২০ চিআৰপি এফৰ সহযোগত পুৰণা লাহৰিজানত এক নাকা তালাচী স্থাপন কৰা হয় ৷
উক্ত নাকা তালাচীত NL-01-AE-4382 নম্বৰৰ ট্ৰাক এখনৰ পৰা উদ্ধাৰ অভিযানকাৰী দলটোৱে উদ্ধাৰ কৰে বহু পৰিমাণৰ সন্দেহযুক্ত হেৰ’ইন (Recovering heroin)৷ বাহনখনৰ তিৰপালৰ তলত লুকুৱাই অনা অৱস্থাত 116টা চাবোনৰ বাকচত উদ্ধাৰ হয় 1.3 কিলোগ্ৰাম সন্দেহ়ুক্ত হেৰ’ইন ৷
আৰক্ষীয়ে এই সন্দৰ্ভত নগাঁওৰ আইজুল হক আৰু মৰিগাঁৱৰ দিলদাৰ হুচেইন নামৰ সৰবৰাহকাৰী দুটাক আটক কৰিবলৈ সক্ষম হৈছে ৷
জব্দকৃত সন্দেহযুক্ত হেৰ’ইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰমূল্য প্ৰায় 8 কোটি টকা হ’ব বুলি জানিব পৰা গৈছে ৷ হেৰ’ইনখিনি মণিপুৰৰ পৰা অনা হৈছে বুলি জানিব পৰা গৈছে।