সৰুতে তেওঁ বুজি পাইছিল যে তেওঁৰ দুচকুৰ ‘অন্ধকাৰ’ কেতিয়াও দূৰ নহয়। কিন্তু এন বিশাখামূৰ্তিয়ে হাৰ নামানিলে। নিজৰ সপোন পূৰণত অটল থাকিল। স্কুলৰ পৰা আইন মহাবিদ্যালয়লৈ- ইটোৰ পিছত সিটো পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হ’ল।
শেহতীয়াকৈ তেওঁ দেশৰ প্ৰথমজন দৃষ্টিহীন অধিবক্তা (first visually impaired lawyer) হিচাপে ‘এডভোকেট অন ৰেকৰ্ড’ (এঅ’আৰ) পৰীক্ষাত উত্তীৰ্ণ হৈ এক নতুন নজিৰ গঢ়ি তুলিছে। এই সপ্তাহত প্ৰকাশ পাইছে AOR exam 2022-ৰ ফলাফল। তাত ৭০ শতাংশ নম্বৰ পাই উত্তীৰ্ণ হৈছে দৃষ্টিহীন বিশাখামূৰ্তি (N Vishakhamurthy)।
চেন্নাই (Chennai)স্থিত অধিবক্তাগৰাকীয়ে অৱশ্যে এই সফলতাৰ কৃতিত্ব কেৱল নিজৰ প্ৰচেষ্টাৰ বাবেই নহয়, মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, এটৰ্নী জেনেৰেল আৰ বেনকটাৰমণি আৰু উচ্চতম ন্যায়ালয়ৰ পঞ্জীয়ক জেনেৰেলক বুলি কয়। কাৰণ ব্যাখ্যা কৰি তেওঁ কয়, “উচ্চতম ন্যায়ালয়ে আগতে দুবাৰকৈ সহায়ক নিযুক্তিৰ বাবে মোৰ আবেদন নাকচ কৰিছিল। ইয়াৰ পিছত মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে অনুমতি দিলে।”
নিৰ্দেশত কোৱা হৈছিল যে যিজন সহায়কে দৃষ্টিশক্তিহীন প্ৰাৰ্থী বিশাখামূৰ্তিৰ উত্তৰ লিখিব, তেওঁৰ আইনৰ ডিগ্ৰী থাকিব নালাগে। তেওঁৰ বিধানৰ বিষয়ে কোনো ধাৰণাও থাকিব নোৱাৰে! তেওঁ মহাপঞ্জীয়কৰ পৰ্যবেক্ষণত দ্বাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ সহায়ত ১ ঘণ্টাৰ পৰীক্ষাটো দিছিল। আৰু তাতেই সফলতাৰ কথা আহি পৰে। উল্লেখযোগ্য যে ২০১৮ চনত ইউ পি এছ চি পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত বিশাখামূৰ্তিয়ে কেন্দ্ৰীয় সংগঠন বিভাগত অতিৰিক্ত সহকাৰী অধিবক্তাৰ চাকৰি লাভ কৰে।