আজি বিয়লি অসম-নাগালেণ্ড সীমান্তৱৰ্তী লাহৰীজানত (Lahorijan) আৰক্ষীয়ে অভিযান চলাই (Police conduct raids) বুজন পৰিমাণৰ হেৰʼইনসহ এখন বাহন জব্দ (heroin seized) কৰাৰ লগতে দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, এক গোপন সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত আজি বিয়লি ডিলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, লাহৰীজান টহলদাৰী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত আৰক্ষী আৰু চি আৰ পি এফৰ এটা যুটীয়া বাহিনীয়ে লাহৰীজান টহলদাৰী চকীৰ সন্মুখত তালাচী অভিযান চলায়। উক্ত অভিযানৰ সময়তে বিয়লি প্ৰায় চাৰি বজাত অভিযানকাৰী দলটোৱে এএছ-১১-ডিচি-৪৩৫০ নম্বৰৰ টাটা ডি আই বাহনখনত তালাচী চলাই ৪৫টা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত ৫২৯.৩৬ গ্ৰাম হেৰʼইন জব্দ (Heroin seized) কৰিবলৈ সক্ষম হয়।
বাহনখনৰ স্পেয়াৰ টায়াৰৰ ভিতৰত কৌশলেৰে লুকুৱাই হেৰʼইনখিনি সৰবৰাহৰ চেষ্টা কৰা হৈছিল। এই সন্দৰ্ভত আৰক্ষীয়ে দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ (2 persons arrested) কৰিবলৈ সক্ষম হয়। ধৃত সৰবৰাহকাৰীকেইটা ক্ৰমে মণিপুৰৰ ইম্ফল ৱেষ্ট জিলাৰ ৱাংগই হিয়ানথাং পাল্লাক নিবাসী টি এইচ ববী (২১) আৰু পুষম আব্দুল হাচিম (২৬) বুলি চিনাক্ত কৰা হৈছে। জব্দকৃত হেৰ’ইনখিনিৰ বজাৰ মূল্য প্ৰায় আঢ়ৈ কোটি টকা হব বুলি জানিব পৰা গৈছে।