![]()
বিজেপিৰ দুৰ্গ সদৃশ অদম্য পাৰ্বত্য জিলাখনত বিজেপিৰ বিজয়ধ্বজা অক্ষুণ্ণ ৰাখিবলৈ বিজেপিয়ে সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ পাৰ্বত্য জিলা তিনিখনত বিজেপিৰ দুৰ্গ অক্ষুণ্ণ থাকিলেও কোনো ধৰণৰ ভূল কৰিবলৈ খোজা নাই বিজেপিৰ নেতাসকলে৷ সঘনাই জনসভা, আঁচনি ৰূপায়ণ, আধাৰশিলা স্থাপন, ৰাইজেৰে মত-বিনিময় আদিৰে জনতাৰ কাষত থিয়দি ভোটাৰ ৰাইজক আকৰ্ষিত কৰা পৰিলক্ষিত হৈছে ৷

বিশেষকৈ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ একেৰাহে তিনিবাৰৰ মুখ্য কাৰ্যবাহী সদস্যৰ আসন অলংকৃত কৰা নেতা ডঃ তুলিৰাম ৰংহাঙে জনসভাসমূহত চৰকাৰৰ উন্নয়নমূলক আঁচনিয়ে পাহাৰত আমুল পৰিৱৰ্তন ঘটাইছে বুলি দাবী কৰি আহিছে৷
বিশেষকৈ তেওঁৰ শাসন কালতে ৬টাকৈ দুধৰ্ষ উগ্ৰপন্থী সংগঠনৰ নেতা, কেডাৰসকলে সহস্ৰ আৰু হিংসাৰ পন্থা ত্যাগ কৰি মূলসূতিলৈ ঘূৰি আহি চৰকাৰৰ শান্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছে ৷ তাৰে সৰহ সংখ্যক নেতা কেডাৰে বিজেপিত যোগদান (Join BJP) কৰি সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰিছে ৷ তাৰে অংশ স্বৰূপে আজি ডিফুৰ চাৰিমাইলস্থিত অটল বিহাৰী বাজপেয়ী ভৱন (Atal Bihari Vajpayee Bhavan) বিজেপি কাৰ্যালয়ত প্ৰাক্তন এনডিএফবিৰ (Former NDFB) শীৰ্ষ নেতাসকলে আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰি গেৰুৱাবসন পৰিধান কৰে ৷

কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙ, সাংসদ হৰেণছিং বে’, বিধায়ক বিদ্যাছিং ইংলেঙ আৰু পৰিষদৰ কেইবাগৰাকী ইএমআৰু এমএচিৰ উপস্থিতিত এই যোগদান কাৰ্যসূচী সম্পন্ন হয়৷ প্ৰাক্তন এনএফবিৰ নেতা নবিন চন্দ্ৰ বড়োৰ নেতৃত্বত কাৰবি আংলঙৰ বিভিন্ন প্ৰান্তৰ ১১০ গৰাকীকৈ শীৰ্ষ নেতাই আজি বিজেপিত যোগদান কৰে বুলি সাংবাদিকৰ সৈতে বাৰ্তালাপত মন্তব্য কৰে তুলিৰাম ৰংহাঙে ৷
ৰংহাঙে লগতে আগন্তুক লোক নিৰ্বাচনৰ পূৰ্বে এনে যোগদানে কেন্দ্ৰত জনপ্ৰিয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাত অধিক শক্তিশালী কৰিব বুলি মন্তব্য কৰে ৷












