আৰক্ষীৰ গুলীত নিহত (Killed in bullets) হ’ল উত্তৰ প্রদেশ (Uttar Pradesh)ৰ গেংষ্টাৰ (Gangster) আতিক আহমেদৰ পুত্র আছাদ (Atiq Ahmed’s son Asad)। কেৱল আছাদে নহয়, এই সংঘর্ষত মৃত্যু হয় গুলাম নামৰ আন এজনৰ।
আৰক্ষী সূত্ৰ মতে, ঝাঞ্চিত ‘এনকাউণ্টাৰ’ৰ সময় নিহত হয় আছাদ আৰু তেওঁৰ সঙ্গী গুলাম। প্রয়াগৰাজত উমেশ পাল হত্যাকাণ্ডত অভিযুক্ত আছিল আছাদ আৰু গুলাম। আৰক্ষীৰ ‘ৱান্টেড’ অপৰাধীৰ তালিকাত (List of ‘Wanted’ offenders) আছিল দুয়োজন।
আৰক্ষীয়ে জনোৱা মতে, ৰাজ্যৰ এছটিএফৰ সৈতে হোৱা সংঘৰ্ষত নিহত হয় আছাদ আৰু গুলামৰ। তেওঁলোকৰ পৰা স্বয়ংক্রিয় অস্ত্র, নতুন মোবাইল ফোন আৰু চিম কার্ড উদ্ধাৰ কৰা হৈছে। আছাদ আৰু গুলামক ধৰাই দিব পাৰিলে ৫ লাখ টকা পুৰস্কাৰৰ কথা ঘোষণা কৰিছিল আৰক্ষীয়ে।