ASSAM TIMES POST
নতুন দিল্লীঃ মাহ-জোৰা মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকটৰ অৱসান ঘটাই বৃহস্পতিবাৰে ৰাজ্যখনৰ ১৮ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে শিৱ সেনাৰ মুৰব্বী উদ্ধৱ থাক্কেৰেয়ে। মনোহৰ যোশী আৰু নাৰায়ণ ৰাণেৰ পাছত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হোৱা ৫৯ বছৰ বয়সীয়া থাক্কেৰে হৈছে তৃতীয় গৰাকী শিৱ সেনাৰ নেতা।
শিৱ সেনা, নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি আৰু কংগ্ৰেছ মিলি মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাতে মুখ্যমন্ত্ৰীৰ পদ প্ৰশস্ত হৈ পৰে থাক্কেৰেৰ বাবে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীৰ আসনখনক লৈয়ে শিৱ সেনাই বিজেপিৰে মিত্ৰতা ছেদ কৰিছিল।
মুম্বাইৰ ঐতিহাসিক শিৱাজী উদ্যানত থাক্কেৰেয়ে শপতগ্ৰহণ কৰে। মন কৰিবলগীয়া কথাটো হ’ল থাক্কেৰে প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসনখনত অধিষ্ঠিত হৈছে।












