![]()
শনিবাৰে দক্ষিণ ভাৰতৰ দুই ৰাজ্য তেলেংগানা আৰু তামিলনাডুত (Telangana and Tamil Nadu) বন্দে ভাৰত এক্সপ্রেছ (Vande Bharat Express)সহ কেইবাটাও কেন্দ্রীয় চৰকাৰী প্রকল্পৰ উদ্বোধন (Inauguration of Central Government Project) কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদী (Narendra Modi)য়ে। আনহাতে, হায়দৰাবাদ (Hyderabad)ৰ জনসভাত মোদীয়ে লক্ষ্য কৰি লয় তেলেংগানাৰ মুখ্যমন্ত্রী কে চন্দ্রশেখৰ ৰাওক (Chief Minister K Chandra shekhar Rao)।

অৱশ্যে এবাৰো তেওঁৰ নামত মুখলৈ নানিলে প্রধানমন্ত্রীয়ে। কিন্তু তুমুল আক্রমণ কৰে পৰিয়ালতন্ত্রক লৈ।উল্লেখযোগ্য যে তেলেংগানা বিধানসভাৰ নিৰ্বাচন সমাগত। তাৰ পূৰ্বে যথাৰীতি আৰম্ভ হৈ গৈছে ৰাজনৈতিক যুদ্ধ। তেলেংগানা দখলৰ উদ্দেশে কেচিআৰ-কাঁইট আঁতৰাবলৈ কঁকালত টঙালি বান্ধি নামিছে বিজেপি।
এনে পৰিস্থিতিত কেইবাটাও চৰকাৰী প্রকল্পৰ উদ্বোধন কৰি হায়দৰাবাদত মোদীয়ে জনসভা সম্বোধন কৰে। উক্ত জনসভাৰ পৰা পৰিয়ালতন্ত্রৰ অভিযোগত বাৰে বাৰে আক্ৰমণ কৰে কেচিআৰক।মোদীৰ দাবী, তেলেংগানাৰ মানুহৰ জীবনৰ মান উন্নয়নৰ লক্ষ্যেত কেন্দ্রীয় চৰকাৰৰ প্রকল্পবোৰৰ বাস্তৱ ৰূপায়ণত ৰাজ্য চৰকাৰে কোনো সহায় কৰা নাই।










