টি-২০ বিশ্বকাপত খেলাৰ সুযোগ নোপোৱা যজুবেন্দ্ৰ চাহালে (Yuzvendra Chahal) আইপিএলৰ প্ৰথমখন মেচত এক নতুন মাইলৰ খুঁটি স্পৰ্শ কৰিলে। টি-২০ ক্ৰিকেট (T-20 Cricket)ত ৩০০ উইকেট (300 wickets) দখল কৰা প্ৰথমজন ভাৰতীয় বলাৰ (First Indian bowler) হিচাপে পৰিগণিত হয়। ইয়াৰ উপৰি ৰাজস্থান ৰয়েলছৰ লেগ স্পিনাৰজনে আইপিএলত শ্ৰীলংকাৰ প্ৰাক্তন বলাৰ লাছিথ মালিংগাৰ ৰেকৰ্ড স্পৰ্শ কৰিছে।
চাহালে টি-২০ ক্ৰিকেটত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে ৩০০ উইকেট দখল কৰি মাইলৰ খুঁটিত উপনীত হয়। দেওবাৰৰ খেলখনত চাহালে ১৭ ৰানেৰে ৪টা উইকেট দখল কৰে। তেওঁ হেৰী ব্ৰুক, মায়ংক আগৰৱালা, আদিল ৰছিদ আৰু ভুৱনেশ্বৰ কুমাৰক আউট কৰে। দেওবাৰে টি-২০ ক্ৰিকেটত ৩০০ উইকেটৰ ক্লাবত প্ৰৱেশ কৰে চাহালে তৃতীয়টো উইকেটৰে। আন কোনো ভাৰতীয় বলাৰৰ এই নজিৰ নাই। এতিয়া চাহালৰ হাতত আছে ৩০১টা উইকেট। এই তালিকাৰ প্ৰথম পাঁচজন ভাৰতীয় বলাৰ হৈছে ৰবিচন্দ্ৰন অশ্বিন (২৮৭), পীযুষ চাওলা (২৭৬), অমিত মিশ্ৰ (২৭২), যশপ্ৰীত বুমৰাহ (২৫৬)। পৰিসংখ্যাৰ পৰা স্পষ্ট যে ক্ৰিকেটৰ জগতত ২০ গজত স্পিনাৰৰ শক্তি বেছি।
দেওবাৰৰ খেলখনত চাহালে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে ১৭ ৰানেৰে ৪টা উইকেট দখল কৰে। এই মেচৰ পিছত আইপিএলত তেওঁৰ উইকেটৰ সংখ্যা হয় ১৭০। আইপিএলতো মালিংগাই ১৭০টা উইকেট দখল কৰিছে। শ্রীলংকাৰ প্রাক্তন বেগী বলাৰগৰাকীয়ে আইপিএলত এতিয়ালৈকে দ্বিতীয় সৰ্বাধিক উইকেট দখল কৰিছিল। দেওবাৰে তেওঁৰ লগত যোগ দিলে চাহালে। এই তালিকাৰ শীৰ্ষত আছে ডোৱেইন ব্ৰাভো। আইপিএলত ৱেষ্ট ইণ্ডিজৰ বলাৰৰ ১৮৩টা উইকেট।
বিগত টি-২০ বিশ্বকাপত চাহালে মাত্ৰ এখন খেল খেলাৰ সুযোগ পাইছিল। সেই সময়ত ৩২ বছৰীয়া লেগ স্পিনাৰজন ৰাহুল দ্ৰাবিড়, ৰোহিত শৰ্মাৰ পৰিকল্পনাত নাছিল। আইপিএলৰ প্ৰথমখন মেচত তেওঁ নজিৰ গঢ়ি তোলে। তেওঁ বিপক্ষৰ বেটছমেনক বল হাতত লৈ অস্বস্তিত পেলাইছিল। লগতে সফলতাও লাভ কৰে। স্বাভাৱিকতে ৰাজস্থানী লেগ স্পিনাৰজন এই প্ৰদৰ্শনত সুখী। তেওঁ কয়, “মই অবিৰতভাৱে বলটো উইকেটত ৰাখিবলৈ চেষ্টা কৰিছিলো। লক্ষ্য আছিল বলৰ গতি সলনি কৰি বেটছমেনক প্ৰলোভিত কৰা। সেয়া মোৰ অন্যতম শক্তি। নতুন একো চেষ্টা কৰা নাছিলো। মোৰ সামৰ্থ্য অনুসৰি বলিং কৰিবলৈ চেষ্টা কৰিলোঁ।”