২০২৩ বৰ্ষৰ আই পি এলৰ (IpL) প্ৰথমখন মেচত গুজৰাট টাইটানছ (Gujrat Titans) ৰ হাতত পৰাস্ত হোৱাৰ পিছত খেলপথাৰতে সতীৰ্থসকলক বকাবকি কৰে মহেন্দ্ৰ সিং ধোনীয়ে (Mahendra Singh Dhoni)। চেন্নাই ছুপাৰ কিংছৰ (Chennai Super Kings) অধিনায়কগৰাকীয়ে দলটোৰ ভুলৰ কথা প্ৰকাশ কৰিছে। ধোনিৰ মুখৰ পৰাও শুনা গʼল, কʼত উন্নতিৰ প্ৰয়োজন আছে।
মেচৰ শেষত পৰাজয়ৰ কাৰণ বিশ্লেষণ কৰি থকাৰ সময়তে ধোনীয়ে বেটছমেনৰ বিষয়টো উত্থাপন কৰে। প্ৰথম ইনিংছত চেন্নাইয়ে ভাল আৰম্ভণি কৰিছিল। ঋতুৰাজ গাইকোৱাডে ভাল খেলিছিল। কিন্তু তেওঁৰ লগত কোনেও সংগ দিব পৰা নাছিল। ফলত ধোনিয়ে ভাবে যে তাৰ বাবেই ৰান কম হয়। তেওঁ কয়, “আমি জানিছিলোঁ পিছত ৰাণৰ বৰষুণ হ’ব। গতিকে বেটছমেনসকলে অলপ বেছি দায়িত্ব লৈ খেলিবলগা আছিল। ঋতুৰাজে খুব ভাল খেলিছিল। কিন্তু বাকীবোৰে সহায় কৰিব নোৱাৰিলে। আমাৰ ১৫-২০ ৰান কম কৰিছিল। সেইখিনিতে আমি হাৰিবলগীয়া হʼল।”
ধোনিয়ে কেৱল বেটছমেনকেই নহয়, দলৰ বলাৰকো দোষাৰোপ কৰে। অতিৰিক্ত ৰাণ দিয়াৰ বাবে তেওঁ বিশেষ সুখী নহয়। ধোনিয়ে কয়, “হাংগাৰগেকেকাৰৰ গতি আছে। কিন্তু তেওঁ এতিয়াও সৰু। বলাৰসকলে বুজিব লাগিব যে অতিৰিক্ত ৰাণ দিয়াটো দলৰ বাবে ক্ষতিকাৰক। ৱাইড-ন’ বলাৰসকলে নিজৰ ধৰি ৰাখিব পৰা ক্ষমতা। যিমান কম সিমানেই ভাল।”
যোৱাবাৰ আই পি এলৰ অন্তিম ৩ খন মেচত পৰাস্ত হৈছিল চেন্নাই। এইবাৰো প্ৰথমখন মেচত পৰাস্ত হয়। অৰ্থাৎ ধোনিয়ে একেৰাহে চাৰিখন মেচত পৰাস্ত হʼবলগীয়া হৈছে। আই পি এলত এবাৰো চেন্নাইয়ে গুজৰাট টাইটানছক পৰাস্ত কৰিব নোৱাৰিলে। ৩ এপ্ৰিলত ধোনিৰ পৰৱৰ্তী মেচ। প্ৰতিদ্বন্দ্বী লক্ষ্ণৌ ছুপাৰ জায়েন্টছ। উক্ত মেচত পুনৰ জয়ৰ দিশে ঘূৰি আহিব বিচাৰিব ধোনিয়ে।