ASSAM TIMES POST
নতুন দিল্লীঃ ব্যক্তিগতকৰণ অবিহনে বন্ধ হৈ পৰিব চৰকাৰী বিমান পৰিবহণ প্ৰতিষ্ঠান এয়াৰ ইণ্ডিয়া। বুধবাৰে ৰাজ্য সভাত এই কথা সদৰী কৰে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে। তেওঁ কয়, ‘যদি আমি এয়াৰ ইণ্ডিয়াৰ ব্যক্তিগতকৰণ নকৰো, তেন্তে ইয়াক চলাবলৈ আমি ধন ক’ৰপৰা পাম? এতিয়াও, এয়াৰ ইণ্ডিয়া প্ৰথম-শ্ৰেণীৰ সম্পত্তি আৰু যদিহে আমি ইয়াক বিক্ৰী কৰো, তেতিয়া আমি নিলামকাৰী পাম। আৰু তাকে নকৰি যদিহে আমি আদৰ্শগত স্থিতি লওঁ, তেন্তে আমি ইয়াক চলোৱাটো অসুবিধাজনক হৈ পৰিব।’ উচ্চ সদনত এটা প্ৰশ্নৰ উত্তৰ দি বিভাগীয় মন্ত্ৰীজনে এই কথা কয়।