কৰ্ণাটক (Karnakat)ত ঘোষণা হ’ল বিধানসভা নিৰ্বাচন (Assembly elections)ৰ দিন। ১০ মেʼ (10 May)ত দক্ষিণৰ ৰাজ্যখনত এটা পৰ্যায়ত ভোটগ্ৰহণ (Voting) অনুষ্ঠিত হʼব। ১৩ মে’ (13 May)ত ফলাফল (Result) ঘোষণা হ’ব। সংবাদমেলত এই কথা সদৰী কৰে মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে (CEC Rajiv Kumar)।
কংগ্ৰেছ আৰু জেডিএছে ইতিমধ্যে প্ৰথম পৰ্যায়ত ১২৪খন আৰু ৯৩খন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে। পূৰ্বৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ১১৯খন আসন লাভ কৰিছিল। আনহাতে, কংগ্ৰেছে ৭৫খন আসন লাভ কৰাৰ বিপৰীতে মিত্ৰ দল জেডিএছে ২৮খন আসন লাভ কৰে।
বিগত কেইবছৰমানৰ পৰা কৰ্ণাটকত দুৰ্নীতিৰ অভিযোগত কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে আন্দোলন কৰি আহিছে। আনহাতে, শাসকীয় বাসৱৰাজ বম্মাই চৰকাৰৰ সংৰক্ষণৰ নতুন পদক্ষেপক কেন্দ্ৰ কৰি দ্বিতীয়বাৰৰ বাবে কৰ্ণাটক জয় কৰাৰ সপোন দেখিছে গেৰুৱা শিবিৰে। যোৱা দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰ্ণাটকৰ চৰকাৰী প্ৰকল্পৰ আধাৰশিলালৈ যোৱাৰ পিছতো পুনৰ চৰকাৰ গঠনৰ দাবী উত্থাপন কৰিছিল।
কিন্তু কৰ্ণাটক পুনৰ দখল কৰাৰ আশাত বলিয়ান কংগ্ৰেছে দুৰ্নীতিৰ বিষয়টোক লক্ষ্য হিচাপে লৈ বিজেপিৰ ওপৰত আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে। ইতিমধ্যে কৰ্ণাটকত ৰাহুল গান্ধীৰ সাংসদ পদ প্ৰত্যাখ্যানৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহিছে কংগ্ৰেছ।উল্লেখ্য, যোৱা বিধানসভা নিৰ্বাচনৰ পিছত কংগ্ৰেছে জেডিএছৰ লগত হাত মিলাই চৰকাৰ গঠন কৰিছিল। এইচ ডি কুমাৰস্বামী মুখ্যমন্ত্ৰী হৈছিল।
চৰকাৰে শপত গ্ৰহণ কৰাৰ দিনা বেংগালুৰুত দেখা গʼল বিৰোধী ঐক্যৰ এক বিৰল ছবি। ছোনিয়া গান্ধী, ৰাহুল গান্ধীৰ লগতে মমতা বেনাৰ্জী, সীতাৰাম য়েচুৰী, মায়াৱতী আদি বিৰোধী নেতাকো একেখন মঞ্চতে দেখা গʼল। অৱশ্যে কৰ্ণাটকত সেই চৰকাৰ বেছি দিন টিকি নাথাকিল। ক্ষমতা দখল কৰিলে বিজেপিয়ে। অৱশ্যে এইবাৰ কৰ্ণাটক জয়ী হোৱাত কংগ্ৰেছ আশাবাদী।