ASSAM TIMES POST
গুৱাহাটীঃ ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে দেশজুৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীত হ’ব বুলি ঘোষণা কৰাতে কম্পিত হৈছে ত্ৰিপুৰাৰ বিজেপিৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেব। মুখ্যমন্ত্ৰীজনে গাদী যোৱাৰ শংকা প্ৰকাশ কৰি কৰা মন্তব্যৰ এটা ভিডিঅ’ ক্লিপ সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
ইয়াত তেওঁ কয়, ‘মোৰ আত্মীয়, মোৰ পিতৃ বাংলাদেশৰপৰা আহিছিল। তেওঁ নাগৰিকত্বৰ পত্ৰ পাইছিল। তাৰ পাছত, মই ত্ৰিপুৰাত জন্মগ্ৰহণ কৰিছিলো। সেয়ে, যদি কোনোবাই এনআৰচিৰ বাবে কিবা এটা হেৰুৱাবলগীয়া হয়, মই প্ৰথমে মোৰ মুখ্যমন্ত্ৰীৰ আসনখন হেৰুৱাম।
মই মুৰ্খ নেকি যে এনআৰচি উন্নীত কৰি মুখ্যমন্ত্ৰীৰ আসনখন হেৰুৱাম?’ দেবে ‘মই মুৰ্খ নেকি যে এনআৰচি উন্নীত কৰি মুখ্যমন্ত্ৰীৰ আসনখন হেৰুৱাম?’ বুলি কৰা মন্তব্যই দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই মন্তব্যৰে দেবে অমিত শ্বাহৰ বক্তব্যক দেখ দেখকৈ বিৰোধিতা কৰিলে বুলি সচেতন লোকে মত প্ৰকাশ কৰিছে। অৱশ্যে, এই কথা-কাণ্ডক ৰাজনৈতিক অভিসন্ধি আখ্যা দিছে মুখ্যমন্ত্ৰীজনৰ সংবাদ উপদেষ্টাজনে।