অহা ২৩ মাৰ্চত ভাৰতীয় সংবিধান প্ৰদত্ত দাবী অনুচ্ছেদ ২৪৪ (ক) অনুসৰি এখন স্বায়ত্তৰাজ্যৰ দাবীকলৈ (Demand for autonomy) ‘কাধাচডিকম’, কেএছএকে (KSA) ধৰি আন দল-সংগঠনক দিল্লীলৈ ধৰ্ণাৰ (Dharna to Delhi) বাবে যোৱা কাৰ্যক সামাজিক মাধ্যমত পিকনিক (Picnic) খাবলৈ আৰু ফটো উঠিবলৈ যোৱা বুলি এপিএইছএলচি (APHLC) নেতা খৰছিং তিমুঙে (Leader Kharshiing Timung) কৰা মন্তব্যত জাঙুৰ খাই উঠিছে কাৰবি ছাত্ৰ সন্থা চমুকৈ কেএছএৰ (ইংলংফ’) গোটৰ সভাপতি থানছিং তিমুঙ (President Thansing Timung)৷
আজি ডিফু (Diphu)ৰ ৰংথিয়াংস্থিত কেএছএৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সভা কক্ষত এক সংবাদমেল (Press meet) আয়োজন কৰি এপিইএইছএলচি দলৰ নেতা খৰছিং তিমুঙৰ মন্তব্যক তীব্ৰ ভাষাত গৰিহণা দিয়ে কেএছএই ৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কেএছএৰ সভাপতি থানছিং তিমুঙে কয় যে, এপিইছএলচি দলৰ কেন্দ্ৰীয় নেতা খৰছিং তিমুঙে একো নভৱা-নিচিন্তাকৈ কাধাচডিকম আৰু কেএছএক আৰ এছএছ আৰু বিজেপিৰ এজেণ্ট আখ্যা দিয়া কাৰ্যক গৰিহণা দিছে ৷
কাধাচডিকমৰ নেতৃত্বত অহা ২৩ মাৰ্চত দিল্লীত অনুষ্ঠিত হবলগীয়া ধৰ্ণা কাৰ্যসূচীক উপলুঙা কৰি কাধাচডিকম আৰু কেএছএই পিকনিক খাবলৈ আৰু ফটো তুলিবলৈ যোৱা বুলি কৰা মন্তব্য চৰম বিভাজনকামী মন্তব্য বুলি কয় কেএছএ সভাপতিগৰাকী৷ এনে নেতিবাচক মন্তব্যই কাৰবি সকলৰ মাজত এক সংঘাতৰ সৃষ্টি কৰিব বুলি আশংকা কৰি তাৰ পৰা সৃষ্টি হোৱা যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে এপিএইছএলচি নেতা খৰচিং তিমুঙেই জগৰীয়া হব বুলি কয়৷ তিনি পাৰ্বত্য জিলাৰ সংবিধান প্ৰদত্ত দাবীক কাধাচডিকমকে ধৰি কেএছএই বহু আন্দোলন কৰাৰ লগতে বহু সতীৰ্থকো হেৰুৱাইছো বুলি কয় সভাপতি থানচিং তিমুঙে ৷
স্বায়ত্তৰাজ্য আন্দোলনৰ বাবে বহুবাৰ পুলিচৰ নিৰ্যাতনৰ বলি হোৱাৰ লগতে ২০১৩ চনত পুলিচৰ হাতত কেএছএকে ধৰি বিভিন্ন সংগঠনৰ নেতা গ্ৰেপ্তাৰ হোৱা বুলিও কয় ৷ ১৯৮৬ চনৰ পৰিৱেশৰ পুণৰাবৃত্তি নকৰি গঠনমূলক দিহা-পৰামৰ্শৰে ভাতৃত্ববোধৰ বাৰ্তা প্ৰেৰণ কৰি স্বায়ত্তৰাজ্য পোৱাৰ বাবে যত্নপৰ হ’ব লাগে এপিএইছএলচি দল ৷ নেতিবাচক মন্তব্যৰে সমাজক বিভ্ৰান্ত কৰাৰ লগতে বিভাজনমুখী নকৰিবলৈ আহ্বান জনায় কেএছএৰ নেতাগৰাকীয়ে ৷
দিল্লীত গৈ ভাষণ দিয়া সময়ত ‘মই বিজেপি বা আন কোনো দলক ভোট দিয়ক বুলি নকও ৷ বৰঞ্চ ষষ্ঠ অনুসুচীৰ সুবিধা অনুসৰি ভাৰতৰ সংবিধানৰ ২৪৪(ক) অনুচ্ছেদ অনুসৰি তিনি পাৰ্বত্য জিলা পূব আৰু পশ্ছিম কাৰবি আংলঙ আৰু ডিমা হাচাওক সামৰি এখন স্বায়ত্তৰাজ্যৰ দাবী পূৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক হেঁচা প্ৰয়োগ কৰিম’ বুল কয় ৷ বিজেপি জিন্দাবাদ, আৰএছএছ জিন্দাবাদ বুলি শ্ল’গান নিদিও কেৱল স্বায়ত্ত ৰাজ্যৰ শ্ল’গান হে দিম ৷ সেয়ে এনে বিভাজনকামী মন্তব্য নিদিবলৈ এপিএইছচি কেন্দ্ৰীয় নেতা খৰছিং তিমুঙ আৰু এপিএইছএলচি দলক আহ্বান জনোৱাৰ লগতে এনে মনত্বৰ বাবে কাঞ্চাচডিকম আৰু কেএছএৰ ওচৰত ক্ষমা খোজাৰ দাবী জনাইছে কেএছএৰ সভাপতি থানছিং তিমুঙে ৷