ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (Indian Space Research Organisation) ই দেশৰ একাংশ অঞ্চলত হোৱা ভূমিস্খলনৰ উপগ্ৰহৰ ছবি (Satellite image) প্ৰকাশ কৰিছে। উপগ্ৰহৰ ছবিত ধৰা পৰাৰ দৰে উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ আৰু তেহৰী গড়বাল জিলা দেশৰ ভিতৰতে সৰ্বাধিক ভূমিস্খলন প্ৰৱণ অঞ্চল (Landslide prone areas)।
হায়দৰাবাদৰ নেচনেল ৰিমোট চেন্সিং চেণ্টাৰৰ বিজ্ঞানীৰ এটা দলে দেশৰ ভূমিস্খলন প্ৰৱণ অঞ্চলৰ তদন্ত কৰি আছিল। তেওঁলোকে প্ৰকাশ কৰা তালিকাখনত ১৭ খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয়শাসিত অঞ্চলৰ ১৪৭ খন ভূমিস্খলন প্ৰৱণ জিলাৰ উল্লেখ আছে। ইয়াৰে উত্তৰাখণ্ডৰ ১৩ খন জিলাত ভূমিস্খলনৰ অত্যন্ত প্ৰৱণতা আছে।
এন আৰ এছ চিৰ তথ্য অনুসৰি, উত্তৰাখণ্ডৰ বাহিৰেও উল্লেখ কৰা আৰু ১০ খন ভূমিস্খলন প্ৰৱণ জিলাৰ ভিতৰত ৪ খন কেৰালাৰ বানপ্ৰৱণ জিলা, জম্মু-কাশ্মীৰৰ ২ খন, ছিকিমৰ ২ খন জিলা। উত্তৰাখণ্ডৰ ২ খন জিলা ৰুদ্ৰপ্ৰয়াগ আৰু তেহৰি গড়বালৰ উপৰি কেৰালাৰ থ্ৰিছুৰ, পলাক্কাড, কোঝিকোড় আৰু মালাপ্পুৰম, জম্মু-কাশ্মীৰৰ ৰাজৌৰী আৰু পুঞ্চ আৰু ছিকিমৰ দক্ষিণ আৰু পূব জিলাৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে।
এই তালিকাৰ শীৰ্ষত আছে উত্তৰাখণ্ডৰ এই দুখন জিলা। আৰু হৰিদ্বাৰ আৰু উধম সিং নগৰৰ স্থান ১৪৬ আৰু ১৪৭ নম্বৰত। ইয়াৰ উপৰি চামোলি ১৯ নম্বৰ, উত্তৰকাশী ২১, পুৰী ২৩, ডেৰাডুন ২৯, বাগেশ্বৰ ৫০, চম্পাৱত ৬৫, নৈনিতাল ৬৮, আলমোৰা ৮১ আৰু পিথোৰাগড় ৮৬ নং স্থানত আছে। ১৯৯৮-২০০০ চনলৈকে ১৭খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয়শাসিত অঞ্চলৰ ১৪৭খন জিলাত ৮০ হাজাৰ ভূমিস্খলনৰ ভিত্তিত এন আৰ এছ চিয়ে এই অধ্যয়ন চলাইছে।
২০০০-১৭ চনৰ ভিতৰত মিজোৰামত ভূমিস্খলনৰ বাবে সৰ্বাধিক ‘হটস্পট’ (১২,৩৮৫) আছে বুলি নতুন অধ্যয়নত দাবী কৰা হৈছে। ইয়াৰ পিছতে উত্তৰাখণ্ড (১১,২৯১), জম্মু-কাশ্মীৰ (৭,২৮০), হিমাচল প্ৰদেশ (১,৫৬১) আৰু কেৰালা (৬,০৩৯)। বিজ্ঞানীসকলৰ মতে বিশ্বৰ ৪ খন ভূমিস্খলন প্ৰৱণ দেশৰ ভিতৰত ভাৰত অন্যতম।