আজি পুৱাৰ ভাগত ডিলাই (Dillai) থানা এলেকাৰ মনছিং তিমুঙ গাঁৱত (Mansing Timung village) এক ভয়ঙ্কৰ অগ্নিকাণ্ড (Fire)ৰ বাতৰি পোহৰলৈ আহিছে ৷প্ৰাপ্ত খবৰ অনুসৰি মনছিং তিমুঙ গাঁৱৰ ধনছিঙৰ ভাড়াঘৰত উক্ত অগ্নিকাণ্ড সংঘটিত হয়৷
অগ্নিকাণ্ডৰ ফলত ভাড়াঘৰটোত ভাড়াটীয়া হিচাপে থকা চেইন্ট থমাছ হাইস্কুলৰ তিনি শিক্ষয়িত্ৰী (Three teachers at St. Thomas High School) ক্ৰমে, ছাৰলিকা তেৰাঙপী, ক্ৰিষ্টিনা ৰংপিপী আৰু ৱেইছলিন হাঞ্চেপীৰ প্ৰায় ৭০ হাজাৰ টকাৰ নগদ ধনৰ লগতে লক্ষ্যাধিক টকাৰ সা-সম্পত্তি আৰু নথিপত্ৰ জ্বলি ছাৰখাৰ হৈ যায় ৷
ঘটনাৰ খবৰ লাভ কৰি বোকাজানৰ পৰা অগ্নিনিৰ্বাপক বাহিনী আহি অগ্নিনিৰ্বাপন কৰে যদিও সা-সম্পত্তি ৰক্ষা কৰিবলৈ সক্ষম নহ’ল ৷ বাতৰি লিখা পৰলৈকে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই৷