![]()
আহমেদাবাদত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ( India-Australia)মাজত অনুষ্ঠিত হʼবলগীয়া চতুৰ্থ আৰু অন্তিম টেষ্ট মেচত নৰেন্দ্ৰ মোডীয়ে(PM Modi )টছ কৰিব।আহমেদাবাদৰ মটেৰা ষ্টেডিয়ামৰ নাম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নামেৰে নামকৰণ কৰা হৈছে।

নিজৰ নামেৰে নামকৰণ কৰা ষ্টেডিয়ামত বিশেষ সন্মান লাভ কৰিছে তেওঁ। কিন্তু এই ক্ষেত্ৰত আইচিচিৰ পেনেলৰ যিকোনো মনোনীতকাৰীয়ে টছ কৰে। কিন্তু প্ৰশ্ন উত্থাপন হয় যে কোনো দেশৰ ৰাষ্ট্ৰনেতাই তেনে কৰিব পাৰিবনে নাই?
এই টেষ্ট মেচৰ প্ৰথম দিন বৃহস্পতিবাৰে খেলপথাৰত উপস্থিত হʼব মোডী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী। দুয়োখন দেশৰ ৰাষ্ট্ৰনেতা দুজনে খেলখন উপভোগ কৰিব। ভাৰতৰ বাবে এই মেচখন অতি গুৰুত্বপূৰ্ণ। কাৰণ এই মেচখনত জয়ী হʼলে ভাৰতীয় দলে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলিব।
চাৰিখন টেষ্ট শৃংখলাৰ প্ৰথম দুখন মেচত ভাৰতীয় দলটোৱে জয়লাভ কৰে। দিল্লী আৰু নাগপুৰত জয়লাভ কৰাৰ পিছত ইন্দোৰত পৰাস্ত হয়। সেইবাবেই আহমেদাবাদত অনুষ্ঠিত হোৱা শেষৰখন টেষ্ট ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ।













