ASSAM TIMES POST
গুৱাহাটীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দেওবৰীয়া মাহেকীয়া ৰেডিঅ’ অনুষ্ঠান ‘মন কী বাত’ৰ ২৪ নৱেম্বৰৰ ৫৯ সংখ্যক সংস্কৰণত সদ্য সমাপ্ত ব্ৰহ্মপুত্ৰ পুষ্কৰ আৰু সাংস্কৃতিক মহোৎসৱৰ কথায়ো ঠাই পায়। গত ৪-১৬ নৱেম্বৰত গুৱাহাটীৰ ভৰলুমুখত অনুষ্ঠিত এই কাৰ্যক্ৰমক প্ৰধানমন্ত্ৰীজনে কুম্ভ মেলাৰ সৈতে তুলনা কৰে। তেওঁ কয় যে এই উৎসৱ ৰাষ্ট্ৰীয় একতাৰ প্ৰতীক। ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ দৰ্শন ইয়াত নিহিত হৈ থকাৰ কথা তেওঁ সদৰী কৰে। উল্লেখযোগ্য যে নগাঁৱৰ এজন লোকে ‘মন কী বাত’লৈ প্ৰেৰণ কৰা এক পত্ৰৰ আঁত ধৰিয়েই প্ৰধানমন্ত্ৰীজনে ব্ৰহ্মপুত্ৰ পুষ্কৰৰ কথা কয়। ইফালে ‘মন কী বাত’ত ব্ৰহ্মপুত্ৰ পুষ্কৰে ঠাই পোৱাত প্ৰধানমন্ত্ৰীজনক প্ৰশংসাৰে উপচাই পেলাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এক বিবৃতিত মুখ্যমন্ত্ৰীজনে কয়, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উত্তৰ পূৰ্বাঞ্চল আৰু অসমক তুলি ধৰিবলৈ সকলো মাধ্যম ব্যৱহাৰ কৰে। ‘মন কী বাত’ত ব্ৰহ্মপুত্ৰ পুষ্কৰৰ কথাই ঠাই পোৱাটো তাৰে এটা উদাহৰণ’।