ASSAM TIMES POST
নতুন দিল্লীঃ মহাৰাষ্ট্ৰত বহু-মাত্ৰিক ৰাজনৈতিক নাটক অব্যাহত থকাৰ মাজতে দেওবাৰে উচ্চতম ন্যায়ালয়ে ৰাজ্যখনত শীঘ্ৰেই সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ বাবে শিৱ সেনা, এনচিপি আৰু কংগ্ৰেছে কৰা আবেদন খাৰিজ কৰে। এই তিনিটা দলে কি ভিত্তিত মহাৰাষ্ট্ৰৰ ৰাজ্যপালে মুখ্যমন্ত্ৰী হিচাপে দেৱেন্দ্ৰ ফাদনবিছ আৰু উপ মুখ্যমন্ত্ৰী হিচাপে অজিত পাৱাৰক শপত গ্ৰহণ কৰালে, তাক প্ৰত্যাহ্বান জনাই কৰা আবেদনখন খাৰিজ কৰি উচ্চতম ন্যায়ালয়ে কেন্দ্ৰলৈ জাননী জাৰি কৰে। ন্যায়াধীশ এনভি ৰামানা, অশোক ভূষণ আৰু সঞ্জীৱ খান্নাৰ বিচাৰপীঠে কেন্দ্ৰলৈ জাননী জাৰি কৰাৰ লগতে চলিচিটৰ জেনেৰেল তুষাৰ মেহতাক সোমবাৰৰ ভিতৰত মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ সম্পৰ্কীয় মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কুছিয়াৰীৰ নিৰ্দেশনাৰ প্ৰতিলিপি আদালতত দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। সোমবাৰে দিনৰ ১০.৩০ বজাৰ ভিতৰত তুষাৰ মেহতাই এয়া দাখিল কৰিব লাগিব বুলি বিচাৰপীঠে স্পষ্টকৈ কয়। শুনানিৰ সময়ত কংগ্ৰেছ, এনচিপি আৰু শিৱ সেনাই দাবী কৰে যে উচ্চতম ন্যায়ালয়ে মহাৰাষ্ট্ৰত শীঘ্ৰে সংখ্যাগৰিষ্টতা প্ৰমাণৰ নিৰ্দেশনা দিব লাগে। এই তিনিওটা দলে মহাৰাষ্ট্ৰৰ ৰাজ্যপালৰ ভূমিকাক সমালোচনা কৰি পক্ষপাতদুষ্ট বুলি কয়। উচ্চতম ন্যায়ালয়ৰ এই ৰায়ে ভাৰতীয় জনতা পাৰ্টিক সকাহ দিলে বুলি সম্প্ৰতি চৰ্চা লাভ কৰিছে।











