![]()
ৱাংখেড়েত (wankhede stadium) বহিবলৈ গৈ আছে শচীন তেণ্ডুলকাৰৰ (Sachin Tendulkar) পূৰ্ণদৈৰ্ঘ্যৰ প্ৰতিমূৰ্তি (Full-length statue)।মঙলবাৰে এই খবৰ ঘোষণা কৰে মুম্বাই ক্ৰিকেট সন্থাৰ সভাপতি অমল কালে। এইবাৰ ৱাংখেড়েত বহিবলৈ গৈ আছে ক্ৰিকেটাৰৰ (Cricketer) পূৰ্ণদৈৰ্ঘ্যৰ প্ৰতিমূৰ্তি।

কাম দ্ৰুতগতিত আগবাঢ়িছে। ২৪ এপ্ৰিলত শচীনৰ ৫০ বছৰীয়া জন্মদিন। কিন্তু সেইদিনা নহয়। বিশ্বকাপৰ সময়ত এই প্ৰতিমূৰ্তি উদ্বোধন কৰা হʼব। উল্লেখ্য, ভাৰতত চলিত বৰ্ষৰ অক্টোবৰ-নৱেম্বৰ মাহত অনুষ্ঠিত হʼব এদিনীয়া বিশ্বকাপ। প্ৰতিমূৰ্তি বহা ঠাইখনো পৰিদৰ্শন কৰে শচীনে।আপ্লুত হৈ শচীনে কয়, “১৯৮৮ চনত মোৰ এই ৱাংখেড়েৰ পৰাই যাত্ৰা আৰম্ভ হৈছিল। মই মোৰ প্ৰথম ৰঞ্জী মেচ ইয়াত খেলিছিলো।
এই ষ্টেডিয়ামৰ পৰাই আচৰেকাৰ ছাৰৰ হাতত ধৰি নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিলো। জীৱনৰ শেষ মেচখনো ইয়াতেই খেলিছিলো। এই ষ্টেডিয়ামত বহুতো ভাল মুহূৰ্ত আছে।” উল্লেখ্য, ২০১১ চনত ৱাংখেড়ে ষ্টেডিয়ামত শচীনে বিশ্বকাপ জয় কৰিছিল। শচীনে মুম্বাই ক্ৰিকেট সন্থাক ধন্যবাদ জ্ঞাপন কৰে।
তেওঁ কয়, “মুম্বাই এজেন্সীৰ সৈতে গোটেই বিষয়টো আলোচনা কৰা হৈছে। মই সন্মানিত।” মুম্বাই ক্ৰিকেট সন্থাৰ সভাপতি অমল কালে কয়, “ক্ৰিকেট বিশ্বকাপৰ সময়ত এই প্ৰতিমূৰ্তি উন্মোচন কৰা হ’ব। বহু বিখ্যাত ব্যক্তিক নিমন্ত্ৰণ কৰা হʼব।”













