ASSAM TIMES POST
মুম্বাইঃ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে দেৱেন্দ্ৰ ফাদনবিছ আৰু উপ মুখ্যমন্ত্ৰী হিচাপে অজিত পাৱাৰে শনিবাৰে শপত গ্ৰহণ কৰাৰ পাছতে ৰাজ্যখনত হৰ্ছ ট্ৰেডিঙৰ সম্ভাৱনা প্ৰৱল হৈ পৰিছে। কিয়নো, মহাৰাষ্ট্ৰৰ নৱগঠিত ভাৰতীয় জনতা পাৰ্টি আৰু নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ চৰকাৰখনে সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ মাজত ১ সপ্তাহ সময় বাকী আছে। মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোছয়াৰীয়ে ফাদনবিছ চৰকাৰক বিধান সভাৰ মজিয়াত সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ বাবে ৩০ নৱেম্বৰ শেষ সীমা নিৰ্ধাৰণ কৰি দিছে। ৰাজ্যখনৰ ৰাজনৈতিক প্ৰেক্ষাপট ক্ষণে ক্ষণে সলনি হৈ থকাৰ সময়তে ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক গিৰিশ মহাজনে কয় যে উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰে এনচিপিৰ মুঠ ৫৪ জন বিধায়কৰ সমৰ্থন থকাৰ কথা পত্ৰযোগে ইতিমধ্যে জানিবলৈ দিছে। কিন্তু কথাটো হ’ল অজিত পাৱাৰলৈ এনচিপিৰ ৩০ জন বিধায়কেহে সমৰ্থন আগবঢ়াইছে। ইয়াৰ পৰিপ্ৰেক্ষিততে পাৱাৰে বাকী কেইজন বিধায়কৰ সমৰ্থন কিদৰে আদায় কৰিব সেয়া বিচাৰ্যৰ বিষয় হৈ পৰিছে।











