নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে কাৰবি আংলং (Karbi Anglong) আৰক্ষীয়ে অসম-নাগালেণ্ড সীমান্তত অভিযান (Operation) চলাই লাভ কৰিছে আন এক বৃহৎ সফলতা ৷ বহিঃৰাজ্যলৈ সৰবৰাহ কৰাৰ চেষ্টা চলোৱাৰ সময়তে বোকাজান (Bokajan) মহকুমাৰ ডিলাই (Dillai)ত প্ৰায় ৮ কোটি (8 crore) টকাৰ সন্দেহযুক্ত মৰফিনসহ (Morphine) আৰক্ষীৰ জালত পৰে দুই সৰবৰাহকাৰী (2 Supplier)৷
প্ৰাপ্ত খবৰ অনুসৰি এক গোপন খবৰৰ ভিত্তিত বোকাজান মহকুমাৰ ডিলাই গেটত চিআৰপিএফ চি২০ এফৰ সহকাৰী কামাণ্ডেণ্ট ৰবি গিল আৰু ডিলাই অচিৰ নেতৃত্বত চিআৰপিএফ আৰু আৰক্ষীৰ দলে এক নাকা তালাচী চলাই ডব্লিউবি ০২ বিই ৩৫০৩ পঞ্জীয়ন নম্বৰৰ মহেন্দ্ৰ এনএক্সটি কে ৮ বাহনৰ পৰা চাৰিটা পলিথিনৰ পেকেটত প্ৰায় ২ কেজি ১৩ গ্ৰাম ওজনৰ সন্দেহযুক্ত মৰফিন উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ মৰফিনখিনি কৌশলগতভাবে চালকৰ আসনৰ দৰ্জাৰ ভিতৰত লুকুৱাই আনিছিল সৰবৰাকাৰীয়ে ৷
এই সন্দৰ্ভত আৰক্ষীয়ে দুটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে৷ সৰবৰাহকাৰী দুটা ক্ৰমে পশ্চিমবংগৰ ২৪ পৰাগানা জিলাৰ বনগাওঁ সিদ্ধুনিল বিশ্বাস (২৫) আৰু তুহিন দে (২৩) বুলি চিনাক্ত কৰা হৈছে৷ আৰক্ষীৰ প্ৰাথমিক জেৰাত সৰবৰাহকাৰী দুটাই মৰফিনখিনি ক’হিমাৰ পৰা আনি পশ্চিমবংগৰ শিলিগুৰিৰ এজন লোকক যোগান ধৰাৰ পৰিকল্পনা আছিল বুলি স্বীকাৰোক্তি দিয়ে৷
ড্ৰাগছখিনি কাৰবি আংলং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) নয়নমনি বৰ্মণৰ উপস্থিতিত জব্দ কৰা হয় বুলি জানিব পৰা গৈছে৷