![]()
এটা পৰিয়ালৰ অনুষ্ঠানত অংশগ্ৰহণৰ পিছত আন এটা পৰিয়ালে পিকআপ ভানত ঘৰলৈ উভতি আহিছিল। কিন্তু মাজবাটতে ট্ৰাকে তেওঁলোকক খুন্দা মৰাৰ ফলত পৰিয়ালটোৰ এটা শিশুসহ এঘাৰজন লোক নিহত (11 persons death) হয়। আনহাতে, ১০ জনৰো অধিক লোক গুৰুতৰভাৱে আহত হয়। ঘটনাটো বৃহস্পতিবাৰে নিশা ছত্তীশগড়ৰ (Chhattisgarh) বালাদা বজাৰ-ভাটপাৰা (Bhatpara Dist) জিলাত সংঘটিত হয়।

আৰক্ষীৰ সূত্ৰ অনুসৰি, বৃহস্পতিবাৰে নিশা এটা পাৰিবাৰিক অনুষ্ঠান (Family events)ৰ পিছত ৩০ জনীয়া এটা দলে খিলোৰা গাঁৱৰ পৰা অৰ্জুনীলৈ উভতি আহি আছিল। সেই সময়ত বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকে (Truck) ভাটপাৰা আৰক্ষী থানা অঞ্চলৰ খামৰিয়া গাঁৱৰ ওচৰত পিকআপ ভান (Pickup Van)খনত খুন্দা (hit) মাৰে।
সংঘৰ্ষ ইমানেই ভয়ংকৰ আছিল যে পিকআপ ভানখনৰ ১১ জন যাত্ৰীৰ ঘটনাস্থলীত মৃত্যু (Death) হয়। মৃতসকলৰ মাজত এটা শিশুও আছে। আনহাতে, ১০ জনৰো অধিক লোক গুৰুতৰভাৱে আহত হয়। তেওঁলোকক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। কিছুমানক আকৌ ৰায়পুৰলৈ স্থানান্তৰিত কৰা হৈছে, কিয়নো তেওঁলোকৰ অৱস্থা সংকটজনক। আৰক্ষীয়ে জনোৱা মতে, মৃতসকল একেটা পৰিয়ালৰ আছিল।
খামৰিয়া গাঁৱৰ এজন বাসিন্দাই ঘটনা সন্দৰ্ভত কয় যে মাজনিশা সংঘটিত হয় দুৰ্ঘটনাটো। হঠাতে তেওঁ এটা ডাঙৰ শব্দত সাৰ পালে। তেওঁৰ ঘৰ ৰাস্তাৰ কাষত বাবে ওলাই গৈ কেইবাজনো লোকক চাৰিওফালে পৰি থকা দেখা পায়। তেওঁলোক বিষত কাতৰ হৈ আছিল। ৰাস্তাৰ কাষত এখন পিকআপ ভেন আছে। ঘটনাস্থলীলৈ আৰু কেইজনমান গাঁওবাসী আহে। তেওঁলোক সকলোৱে মিলি উদ্ধাৰ কাৰ্যত হাত দিয়ে। আৰক্ষী আৰু এম্বুলেন্সকো অৱগত কৰা হয়। ঘটনাস্থলীতে কেইবাজনো লোকৰ মৃত্যু হয়। পিছত আৰক্ষীয়ে আহতসকলক উদ্ধাৰ কৰে আৰু তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। মৃতদেহবোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়।










