সমগ্ৰ দেশৰ ২২টা স্থানৰ লগতে আজি ডিফু (Diphu)তো জিলা কংগ্ৰেছে (Congress) হাম আদানী ক্য হ কৌন (Hum Adanika He Koyn) শীৰ্ষক সংবাদ মেল (Press meet) সম্বোধন কৰে ৷ কাৰবি আংলং জিলা কংগ্ৰেছৰ (Karbi Anglong District Congress) উপ-সভাপতি অশোক টেৰণ, ৰাতুল টেৰণ আৰু আই টি ছেলৰ আহবায়ক শিল্পী ছেমচন ইংতিয়ে সংবাদ মেল সম্বোধন কৰি আদানীক নৰেন্দ্ৰ মোডী নেতৃত্বতাধীন বিজেপি চৰকাৰে ৰক্ষণাবেক্ষণ দি দেশৰ সম্পদ লুন্ঠনৰ সুবিধা দিয়াৰ অভিযোগ ৷
সেয়ে হিডেনবাৰ্গৰ প্ৰতিবেদনক লৈ প্ৰধানমন্ত্ৰীয়ে সংসদত উত্তৰ নিদিয়া বুলি কয় ৷ লগতে দেশৰ বিত্তীয় খণ্ডৰ পৰা বলপূৰ্বকভাৱে আদানী গ্ৰুপক ঋণ প্ৰদান কৰি আদানীৰ উত্থানত অৱদান যোগোৱাৰ বাবেপ্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক দোষাৰোপ কৰে ৷
সংবাদ মেলত লগতে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত পাহাৰৰ জনতাই কংগ্ৰেছ দলক আৰ্শীবাদ দিব বুলি কয় ৷ কাৰণ বিজেপি দলে ৯ বছৰে স্বায়ত্ত্বশাসিত ৰাজ্য নিদিলে ৷ সংবিধানৰ ২৪৪(ক) ধাৰা কংগ্ৰেছে সৃষ্টি কৰিছিল আৰু সেয়ে কংগ্ৰেছে ইয়াক কাৰ্যকৰী কৰিব বুলি জনতাই বিশ্বাস কৰা বুলি কয় ছেমচন ইংতিয়ে৷