দিল্লীৰ বিতৰ্কিত আবকাৰী দুৰ্নীতিৰ (Corruption) বাবে হেঁচাত পৰিছে কেজৰিৱালৰ ঘনিষ্ঠ দিল্লী (Delhi)ৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়া (Deputy Chief Minister Manish Sisodia)। ‘ফিডবেক ইউনিটʼৰ জৰিয়তে চোৰাংচোৱাগিৰি কৰা ছিছোদিয়াৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক আইনৰ অধীনত গোচৰ ৰুজু কৰিবলৈ চিবিআই (CBI)ক নিৰ্দেশ দিছে অমিত শ্বাহৰ গৃহ মন্ত্ৰালয়ে।
ইয়াৰ পূৰ্বে চিবিআইয়ে ‘ফিডবেক ইউনিটʼৰ বিৰুদ্ধে চোৰাংচোৱাগিৰিৰ অভিযোগত উপ-মুখ্যমন্ত্ৰী ছিছোদিয়া আৰু অন্যান্য বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ অনুমতি বিচাৰিছিল।২০১৫ চনত দিল্লী চৰকাৰে ‘ফিডবেক ইউনিট’ গঠন কৰিছিল অভিযোগ অনুসৰি, ২০১৬ চনৰ ফেব্ৰুৱাৰীৰ পৰা ছেপ্টেম্বৰ মাহলৈকে ইউনিটে বিৰোধীৰ ওপৰত চোৰাংচোৱাগিৰি কৰিছিল। চিবিআইৰ দাবী যে কেৱল বিজেপিয়েই নহয়, আপৰ ক্ষুব্ধ নেতাসকলকো এই ইউনিটৰ পৰাই নিৰীক্ষণ কৰা হৈছিল।
এই ইউনিট গঠনৰ পূৰ্বে উপ-ৰাজ্যপালৰ পৰা কোনো অনুমতি লোৱা হোৱা নাছিল।চিবিআইৰ দাবী, কেজৰিৱাল চৰকাৰে সৃষ্টি কৰা ‘ফিডবেক ইউনিট’এ ৰাজনৈতিক নেতাক চোৰাংচোৱাগিৰি আৰু নিৰীক্ষণ কৰি আহিছে। চলিত বৰ্ষৰ ১২ জানুৱাৰীত চিবিআইয়ে এক প্ৰতিবেদন প্ৰস্তুত কৰিছিল। যʼত লেফটেনেণ্ট গৱৰ্ণৰৰ পৰা দুৰ্নীতিৰ অভিযোগত ছিছোডিয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আগবঢ়াই নিবলৈ অনুমতি বিচৰা হৈছিল। লেফ্টনেন্ট গভৰ্নৰ ভি কে ছাক্সেনা পাত্ৰপাথে সেই অনুমতি দিছিল।
এইবাৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়েও কেন্দ্ৰীয় সংস্থা চিবিআইক ছিছোদিয়াৰ বিৰুদ্ধে তদন্ত আগবঢ়াই নিবলৈ সেউজ সংকেত দিলে।দিল্লীৰ নতুন আবকাৰী নীতি প্ৰণয়নক লৈ দিল্লীৰ উপ-ৰাজ্যপালৰ সৈতে আপৰ বিবাদ। দিল্লীত সুৰা বিক্ৰীৰ সকলো দায়িত্ব আৰু দায়বদ্ধতা চৰকাৰৰ কান্ধত। নতুন আবকাৰী নীতিয়ে এই স্থিতি সলনি কৰিবলৈ ওলাইছিল। সুৰা বিক্ৰী ব্যৱস্থা ব্যক্তিগতৰ হাতত গতাই দিয়াৰ কথা আছিল।
কিন্তু নতুন নীতিত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি চিবিআইৰ তদন্তৰ নিৰ্দেশ দিয়ে লেফ্টনেন্ট গভৰ্নৰে। হেঁচাত প্ৰত্যাহাৰ কৰা হয় নতুন আবকাৰী নীতি। এই গোচৰত চিবিআইয়ে কেইবাবাৰো ছিছোদিয়াক জেৰা কৰিছে।
যোৱা দেওবাৰেও তেওঁক মাতি অনা হৈছিল। অৱশ্যে ছিছোদিয়াই বাজেট প্ৰস্তুত কৰাত ব্যস্ত বুলি কৈ আৰু এসপ্তাহৰ সময় বিচাৰিছিল। চিবিআইয়েও অনুমোদন দিয়ে। ইয়াৰ মাজতে গম পোৱা গৈছে যে দিল্লীৰ উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে নতুন গোচৰত চিবিআইৰ তদন্তৰ সন্মুখীন হʼবলৈ গৈ আছে।