![]()
প্রতিভাৰ স্বীকৃতি কোনে দিব নিবিচাৰে। আৰু ক্রিকেটৰ (Cricket) ক্ষেত্রত স্বয়ং শচীন তেণ্ডুলকাৰৰ (Sachin Tendulkar) প্রশংসা পোৱাটো যে কোনো তাৰকাৰ বাবে আৰু ডাঙৰ ঘটনা। কিন্তু কোনো পৰিচিত তাৰকা নহয়, এগৰাকী কিশোৰীৰ বেটিঙত মুগ্ধ শচীন তেণ্ডুলকাৰ (Sachin is impressed by teenage girl’s batting)। কিশোৰীগৰাকীৰ বৃহৎ শ্বট মৰাৰ প্রতিভাই শচীনক আকৃষ্ট কৰিছে।

শচীন তেণ্ডুলকাৰে কিশোৰীগৰাকীৰ বেটিং চাই ইমানেই প্রভাবিত হৈছে যে তেওঁৰ বেটিঙৰ ভিডিও নিজৰ ছচিয়েল মিডিয়াতো শ্বেয়াৰ কৰিবলৈ দ্বিধাবোধ কৰা নাই।
২২ গজত নহয়, ছচিয়েল মিডিয়াত শচীনে শ্বেয়াৰ কৰা ভিডিওত কিশোৰীগৰাকীয়ে ধূলিৰে ভৰা খেলপথাৰতেই বেট হাতত লৈ কোবাই গৈছে এটাৰ পিছত আনটো শ্বট। শচীনে নিজৰ ছচিয়েল মিডিয়াত লিখিছে, ‘কালি নিলাম আয়োজিত হ’ল মাত্ৰ। আৰু আজিয়েই মেচো আৰম্ভ হৈ গ’ল? অপূৰ্ব। তোমাৰ বেটিং খুব উপভোগ কৰিছোঁ।’













