ভেলেণ্টাইন ডে’ (Valentine’s Day) অৰ্থাৎ প্রেম দিৱসত প্রিয়জনক মৰম কৰি ভালপোৱাৰে ভৰাই দিবলৈ কাৰনো মন নাযায়।নিভৃতভাৱে গভীৰ চুম্বনৰ ইচ্ছাও হয়। তাকো যদি পানীৰ তলত! সেয়াও আকৌ ছেকেণ্ড নহয়, কেইবা মিনিট ধৰি চুম্বন কৰি বিশ্ব ৰেকর্ড গঢ়িলে এক প্রেমিক যুগলে।
ঘটনাটি পিছে হঠাতে ঘটা নাই। ইয়াৰ বাবে প্ৰস্তুতি চলাইছিল বেথ আৰু মাইলছে (Beth and Miles)। দক্ষিণ আফ্রিকা (South Africa)ৰ বাসিন্দা তেওঁলোক। দুয়োজনেই ডাইভাৰ। প্রেম দিৱসত উপস্থিত হৈছিল মালদ্বীপত। তাতেই এক বিলাসবহুল ৰিছর্টৰ ছুইমিংপুলত ‘অগ্নিপৰীক্ষা’ আছিল তেওঁলোকৰ।
সেই পুলৰ পানীৰ তলত ৪ মিনিট ৬ ছেকেণ্ড ধৰি চুম্বনত লিপ্ত আছিল দুয়োৱে। এইটোৱেই বিশ্বৰ সৰ্বাধিক সময় ধৰি পানীৰ তলত চুম্বন (Kiss underwater) বুলি জানিব পৰা গৈছে। গিনিছ ৱৰ্ল্ড ৰেকর্ডছৰ (Guinness World Records) পক্ষৰ পৰা তেওঁলোকৰ চুম্বনৰ ভিডিও শ্বেয়াৰ কৰা হয়।
১৩ বছৰ পূৰ্বে পানীৰ তলত ৩ মিনিট ২৪ ছেকেণ্ডৰ চুম্বনৰ ৰেকর্ড আছিল। বিগত তিনি বছৰ ধৰি এই ৰেকর্ড ভঙাৰ প্রস্তুতি আৰম্ভ কৰে তেওঁলোকে। অৱশেষত সফল হয় এটি সন্তানৰ পিতৃ-মাতৃ বেথ আৰু মাইলছ।