![]()
চীন (China)ৰ ফুটবল সন্থাৰ মুৰব্বীক (Head of football association) গ্ৰেপ্তাৰ (Arrest)। দুৰ্নীতিৰ (Corruption) অভিযোগত গ্ৰেপ্তাৰ কৰা হয় চেন শ্বুয়ানক (Chen Xuyuan)। চীনৰ কমিউনিষ্ট পাৰ্টিৰ নিৰ্দেশত চীনৰ ৰাষ্ট্ৰীয় আৰু হুবেই প্ৰাদেশিক ক্ৰীড়া সন্থাই তেওঁৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে।

অৱশ্যে শ্বুয়ানৰ বিৰুদ্ধে কি দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে সেই বিষয়ে সঠিকভাৱে প্ৰকাশ কৰা নাই চীন প্ৰশাসনে। তেওঁ চীনা ফুটবল এছোচিয়েচনৰ মুৰব্বীৰ পদৰ লগতে দলৰ উপ-সভাপতিৰ পদত অধিষ্ঠিত। চীনৰ কমিউনিষ্ট পাৰ্টিৰ মুৰব্বী তথা ৰাষ্ট্ৰপতি ছি জিনপিঙে শ্বুয়ানক দেশৰ ফুটবলৰ উন্নয়নৰ দায়িত্ব অৰ্পণ কৰে। অভিযোগ উত্থাপন হৈছে যে তেওঁ সেই কামত বিশেষ সফলতা লাভ কৰা নাছিল। ২০ বছৰ পূৰ্বে বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰাৰ পিছতো এছিয়াত আবদ্ধ হৈ আছে চীনা ফুটবল। গতিকে শ্বুয়ানৰ কামত কমিউনিষ্ট পাৰ্টি সুখী নাছিল। অৱশ্যে তেওঁক গ্ৰেপ্তাৰ কৰাৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই।













