কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ কাৰবি আংলং (Karbi Anglong) আৰু পশ্চিম কাৰবি আংলঙ (West Karbi Anglong) জিলাৰ ভেন্সাৰ স্কুলৰ শিক্ষকসকলৰ (Teachers Of Venture School) অনাদায় দৰমহা (Salary) আদায় দিয়াৰ দাবীত ডিফু ছেমছনছিং সোঁৱৰণি উদ্যানত কাৰবি ছাত্ৰ সন্থা (Karbi Students Union) চমুকৈ কেএছএই দুঘণ্টীয়া অৱস্থান ধৰ্ণা (Dharna) কাৰ্যসূচী ৰূপায়ন কৰে ৷
প্ৰতিবাদকাৰীসকলে ভেন্সাৰ শিক্ষকসকলৰ অনাদায় দৰমহা আদায় দিয়ক, কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদ ডাউন ডাউন, তুলিৰাম ৰংহাঙ গ’বেক, শিক্ষা মন্ত্ৰী গ’বেক আদি শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷
সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কেএছএৰ ডিফু জিলা সমিতিৰ সভাপতি ছেমছন টেৰণে কয় যে, কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ কাৰবি আংলং আৰু পশ্চিম কাৰবি আংলং জিলাৰ কৰ্মৰত ভেন্সাৰ স্কুলৰ শিক্ষকসকলে যোৱা ১১ মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ আছে সেয়ে শীঘ্ৰে এই অনাদায় দৰমহা আদায় দিবলৈ নেতাগৰাকীয়ে দাবী জনাইছে ৷
কেএছএই কাৰবি অংলং স্বায়ত্তশাসিত পৰিষদ কৰ্তৃপক্ষক বাৰম্বাৰ ভেন্সাৰ শিক্ষক সকলৰ অনাদায় দৰমহা আদায় দিবলৈ কাকুতি -মিনতি কৰিছে যদিও একো ফল নধৰিলে ৷ জিলা দুখনৰ ভেন্সাৰ শিক্ষক সকলে নিজৰ সন্তান আদিক ভৰণ পোষণ দিবলৈ বহু কষ্ট ভোগ কৰিবলগীয়া হৈছে ৷ এতিয়া আৰু ধৈৰ্যৰ সীমা চেৰাই গৈছে ৷
সেয়ে অতি শীঘ্ৰে ভেন্সাৰ শিক্ষক সকলৰ অনাদায় দৰমহা আদায় নিদিলে কেএছএৰ উদ্যোগত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে কেএছএৰ নেতা গৰাকীয়ে ৷ ইফালে পৰিষদৰ শীৰ্ষ নেতা সকলে জিলাখনত গুণগত শিক্ষা প্ৰতিষ্ঠাৰ জয়গান গায় আনহাতে শিক্ষক সকলক দৰমহাৰ পৰা বঞ্চিত কৰে ৷ ই কেনেধৰণৰ গুণগত শিক্ষা প্ৰতিষ্ঠাৰ প্ৰয়াস বুলি কটাক্ষ কৰে সভাপতি ছেমছন টেৰণে৷