ASSAM TIMES POST
নতুন দিল্লীঃ প্ৰথমবাৰৰ কাৰণে এটা অৰ্ধসামৰিক বাহিনীয়ে নিযুক্তি দিবলৈ ওলাইছে ১.২ লাখ অৱসৰপ্ৰাপ্ত প্ৰতিৰক্ষা আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চিএপিএফ)ৰ লোকক। হয়, গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ৰ অধীনস্থ কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বাহিনী চমুকৈ চিআইএছএফে এই পৰিকল্পনা কৰিছে। এইসকলক নিয়োজিত কৰিবলৈ চিআইএছএফৰ সঞ্চালক-প্ৰধানে সকলো মহা পৰিদৰ্শককে ব্যক্তিগত খণ্ডৰ উদ্যোগিক প্ৰতিষ্ঠানসমূহ বিচাৰি উলিয়াবলৈ কৈছে।
উল্লেখযোগ্য যে যোৱা ৫ নৱেম্বৰত গৃহ মন্ত্ৰণালয়লৈ প্ৰেৰণ কৰা এক পত্ৰত চিআইএছএফৰ বৰ্তমান ১.৮০ লাখ জোৱানৰ বিপৰীতে ৩ লাখলৈ বৃদ্ধি কৰা, ১৬ টা অতিৰিক্ত সংৰক্ষিত বাহিনী গঠনৰ প্ৰস্তাৱ জনোৱা হৈছিল। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে যোৱা ২৩ ছেপ্টেম্বৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত এখন সভাতে উল্লেখিত পৰিমাণৰ অৱসৰপ্ৰাপ্ত জোৱানক ঠিকাভিত্তিক নিযুক্তি প্ৰদানৰ সেউজ সংকেত দিয়া হৈছিল।











