![]()
এখন ক্ৰিকেট মেচক (Cricket Match) লৈ বৰ্তমান দেশজুৰি তীব্ৰ চর্চা। চর্চা হোৱাৰ কথাও। কিয়নো এই মেচখনত সংগ্ৰহ হৈছে ৰানৰ পাহাৰ। আনহাতে, পৰাজিত দলটোৱে সংগ্ৰহ কৰে এটা অংকৰ ৰান। অৱশ্যে কোনো ৰাষ্ট্ৰীয় বা আন্তৰাষ্ট্ৰীয় মেচ নহ’লেও এই মেচখনে সকলোকে অবাক কৰি তুলিছে। যাৰ বাবে এতিয়া দেশজুৰি মেচখনক লৈ তীব্ৰ চর্চা চলিছে।

প্ৰথমে বেটিং কৰি নৱ নালন্দাই (Nava Nalanda) ২৮ অভাৰত ১০৬৭ ৰান সংগ্ৰহ কৰে। বুধবাৰে কলকাতাত অনুষ্ঠিত মেয়ৰ্চ কাপত এই ঘটনা সংঘটিত হয়। এই প্ৰতিযোগিতা প্ৰতি বছৰে বংগৰ বিদ্যালয়সমূহৰ মাজত অনুষ্ঠিত হয়। সেই প্ৰতিযোগিতাত নৱ নালন্দাই ১০৬৩ ৰানত জয়লাভ কৰে। পৰাস্ত হয় নোপানী হাইস্কুল (Nopani Highschool) ।স্কুল প্ৰতিযোগিতাত প্ৰথম বেটিং কৰি নৱ নালন্দাই ২৮ অভাৰত ৪৮২ ৰান সংগ্ৰহ কৰে। অʼপেনাৰ আত্মজ মণ্ডলে ২১০ ৰান সংগ্ৰহ কৰে। কিন্তু ২৮ অভাৰৰ পাছত নোপানী হাইস্কুলে আৰু খেলিব বিচৰা নাছিল। খেলপথাৰ এৰি যায়। সেই কাৰণে মেচ ৰেফাৰীয়ে নৱ নালন্দাক ৫৮৫ ৰানৰ বোনাছ দিছিল। নোপানী হাইস্কুলে জয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল ১০৬৮ ৰান। চমকৰ অন্ত তেতিয়াও পৰা নাছিল। নোপানী হাইস্কুলে বেটিং কৰিবলৈ নামি মাত্ৰ ৪ ৰানতে তেওঁলোকৰ ইনিংছ অন্ত পেলায়। ফলত ১০৬৩ ৰানত জয়লাভ কৰে নৱ নালন্দাই।
বুধবাৰৰ পৰা আৰম্ভ হৈছে মেয়ৰ্চ কাপ। ক্ৰিকেট এছোচিয়েচন অৱ বেংগলৰ (Cricket Association Of Bengal) মুৰব্বী স্নেহাশীষ গংগোপাধ্যায়ৰ উপস্থিতিত আৰম্ভ হয় এই প্ৰতিযোগিতা। তেওঁ কয়, “যোৱা দুবছৰ আমি ডাঙৰ প্ৰতিযোগিতা আয়োজন কৰিব পৰা নাছিলো। এইবাৰ আমি ৫২খন বিদ্যালয়ৰ সৈতে মেয়ৰ্চ কাপৰ আয়োজন কৰিলোঁ। এই প্ৰতিযোগিতাত প্ৰায় হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে খেলিব। ইয়াৰ পৰাই ডাঙৰ ডাঙৰ ক্ৰিকেটাৰ ওলাই আহিব পাৰে। আমাৰ লগত থকাৰ বাবে কলকাতা নাইট ৰাইডাৰ্ছ আৰু কলকাতা পৌৰসভাক ধন্যবাদ।”












