সমগ্ৰ দেশবাসীক জোকাৰি যোৱা দিল্লীৰ শ্ৰদ্ধা হত্যাকাণ্ডৰ(Shraddha Murder Case) সৈতে জড়িত বিভিন্ন তথ্য পোহৰলৈ আহিছে। হত্যাকাণ্ডৰ মূল অভিযুক্ত আফতাব পুনাৱালক গ্ৰেপ্তাৰৰ পিছত শেহতীয়াকৈ আফতাবৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে এক ছাৰ্জশ্বীট(Chargesheet)দাখিল কৰিছে।
আফতাবৰ নৃশংতাৰ কথা উল্লেখ আছে এই ছাৰ্জশ্বীটত। দিল্লী আৰক্ষীৰ ৬,৬০০ পৃষ্ঠাৰ এই অভিযোগনামাত কেনেকৈ আফতাবে শ্ৰদ্ধাক হত্যা কৰিছিল অথবা কেনেদৰে শ্ৰদ্ধাৰ মৃতদেহৰ প্ৰতিটো অংগ নষ্ট কৰিছিল সেই বিষয়ে বিতংভাৱে বিৱৰণ দিয়া হৈছে।
অভিযোগ পত্ৰত উল্লেখ থকা অনুসৰি, শ্ৰদ্ধা আৰু আফতাবৰ মাজত হোৱা কাজিয়াৰ কাৰণ অন্য যুৱতীৰ সকলৰ সৈতে আফতাবৰ সম্পৰ্ক আছিল। দিল্লীৰ পৰা আৰম্ভ কৰি ডুবাইৰ যুৱতীলৈকে সম্পৰ্ক ৰাখিছিল আফতাবে। আনকি, শ্ৰদ্ধাৰ মৃত্যুৰ পিছত আফতাবৰ এগৰাকী প্ৰেমিকা ঘৰলৈ আহিছিল। সেইদিনা আফতাবে ফ্ৰীজৰ পৰা শ্ৰদ্ধাৰ মৃতদেহৰ টুকুৰা উলিয়াই ৰাখিছিল আৰু প্ৰেমিকা গৰাকী যোৱা পিছত আকৌ ফ্ৰীজত সুমুৱাই থৈছিল।
শ্ৰদ্ধাৰ মৃতদেহটো কাটিবলৈ আফতাবে এখন কটাৰী, এটা হাতুৰীৰ লগতে ৩ খনকৈ চুৰি ব্যৱহাৰ কৰিছিল। শ্ৰদ্ধাৰ মৃতদেহটক কাটি থাকোতে আফতাবে হাতত আঘাত পাইছিল আৰু চিকিৎসৰ ওচৰলৈ গৈ তাত ৫ টা চিলাই লৈছিল। ১৮ মে’ ত শ্ৰদ্ধাক হত্যা কৰাৰ পিছত আফতাবে এটা চিকেন ৰোল অৰ্ডাৰ কৰি খোৱাৰ লগতে কেইবাটাও পানীৰ বটল অৰ্ডাৰ কৰি খাইছিল।
আফতাবক শ্ৰদ্ধাই গালি পাৰি অতিষ্ঠ কৰি দিয়াৰ বাবে এই হত্যাকাণ্ড সংঘটিত হৈছিল। আফতাবৰ ভাষ্যনুসৰি, “মই তাইক মজিয়াত ঠেলি দিছিলোঁ আৰু তাইৰ বুকুত বহি তাই মৰি নোযোৱালৈকে দুয়োখন হাতেৰে শ্বাসৰুদ্ধ কৰি ৰাখিছিলোঁ। তাইৰ মৃতদেহ বাথৰুমত লুকুৱাইছিলোঁ।” আফতাবে মৃতদেহ তেজ পৰিষ্কাৰ কৰিবলৈ বিভিন্ন ধৰণৰ দ্ৰব্য ব্যৱহাৰ কৰিছিল।