![]()
২০১৯ চনৰ বিশ্বকাপৰ ছেমি ফাইনেলত (Semi Final) নিউজিলেণ্ডৰ (New Zealand) হাতত পৰাস্ত হৈছিল ভাৰতীয় দল। তাৰ বাবে সেই সময়ত দলটোত ভাঙোন ধৰিছিল। তদানীন্তন অধিনায়ক বিৰাট কোহলি (Virat Kohli) আৰু সহ-অধিনায়ক ৰোহিত শর্মাৰ (Rohit Sharma) সম্পর্কৰ অৱনতি হৈছিল। ফলত দুটা শিবিৰত বিভক্ত হৈছিল দল। কিন্তু সেই পৰিস্থিতি চম্ভালিছিল ভাৰতৰ তদানীন্তন প্ৰশিক্ষক ৰবি শাস্ত্রীয়ে। ভাৰতীয় দলৰ এই আভ্যন্তৰীণ কথা এইবাৰ প্রকাশ্যে আহিছে।

সেই সময় ভাৰতৰ ফিল্ডিং প্ৰশিক্ষক আছিল আৰ শ্রীধৰ (R Shridhar)। নিজৰ আত্মজীৱনীত ভাৰতীয় দলৰ সেই দোদুল্যমান পৰিস্থিতি দাঙি ধৰিছে তেওঁ। শ্রীধৰে লিখিছে, ‘‘সেই সময়ত দলৰ ভিতৰৰ ছবিখন ভাল নাছিল। ৰবি ভায়ে সেইটো জানিছিল। বিশ্বকাপৰ ১০ দিন পিছত ৱেষ্ট ইণ্ডিছ ভ্ৰমণ আছিল। তালৈ যোৱাৰ পিছত বিৰাট আৰু ৰোহিতক মাতি পঠায় ৰবি ভায়ে। তেওঁলোকক একেলগে বহুৱাই লৈ কথা পাতে। ৰবি ভায়ে প্ৰকৃততে সময় নষ্ট কৰিব বিচৰা নাছিল।’’
তেওঁ লগতে লিখিছে, ‘‘ৰবি ভায়ে তেওঁলোকক কৈছিল, ‘দলৰ স্বার্থত সকলোৱে এক হৈ খেলিব লাগিব। সকলোৰে আগত দেশ। তোমালোক দুজন দলৰ আটাইতকৈ অভিজ্ঞ ক্রিকেটাৰ। তোমালোকৰ মাজত সম্পর্ক কেনে সেইটো ডাঙৰ বিষয় নহয়। দলৰ স্বার্থত সকলো পাহৰি একেলগে খেলিব লাগিব।” পিছত অৱশ্যে বিৰাট-ৰোহিত দুয়োৱে সকলো পাহৰি একেলগ হৈ দলৰ হৈ খেলে।












