ৰাজ্যৰ শিক্ষা বিভাগে শৈক্ষিক ফলাফল বৃদ্ধি কৰি গুণগত প্ৰাথমিক শিক্ষা সুনিশ্চিত কৰাৰ স্বাৰ্থতে ৰূপায়ন কৰিবলৈ লোৱা গুণোৎসৱ (Gunotsav) অনুষ্ঠিত হৈছে বোকাখাত (Bokakhat)ৰ বিদ্যালয়সমূহতো। প্ৰায় ১১০০ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰা অসমৰ এখন আগশাৰীৰ চৰকাৰী বিদ্যালয় নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত (Numaligarh Higher Secondary School) আজি গুণোৎসৱ উপলক্ষে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে দিনটোৰ আৰম্ভণিতে প্ৰদৰ্শন কৰিলে উৎকৃষ্ট মানৰ প্ৰাৰ্থনা সভা।
এই উদ্দেশ্যে পুৱা বন্তি প্ৰজ্বলন কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সংগীতা শইকীয়া ৰাভাই। অসমীয়া মাধ্যমৰ বিদ্যালয়খনিৰ ছাত্ৰ-ছাত্ৰীয়ে আজি বিশুদ্ধ ইংৰাজীত মহৎ লোকৰ বাণী, বাতৰি পঢ়া, দিনটোৰ তাৎপৰ্য, কুইজ, নেওটা, গীত-মাত, ব্যায়াম আদি পৰিৱেশন কৰি উপস্থিত ইভালুৱেটৰ, অতিথি আৰু অভিভাৱক সকলৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰে, লগতে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰে। পাছৰ পৰ্যায়ত ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়, সাত ভনীৰ নৃত্য প্ৰদৰ্শন কৰে আৰু জাতীয় সংগীত পৰিৱেশন কৰে। উল্লেখ্য যে বিদ্যালয়খনৰ অধ্যক্ষ মহেন শইকীয়া এগৰাকী অসম চৰকাৰৰ ‘কৃতী শিক্ষক’ৰ বঁটাপ্ৰাপক শিক্ষক।
আজি বিদ্যালয়খনত ইভালুৱেটৰ হিচাবে উপস্থিত আছিল বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ অধ্যাপিকা প্ৰণতি তালুকদাৰ, বোকাখাত চি এন বি বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাদ্বয় ক্ৰমে তুলসী বৰা আৰু মধুলিকা দত্ত। উল্লেখ্য যে আজি ইভালুৱেটৰ কেইগৰাকীয়ে চাৰি শতাধিক অভিভাৱকৰ উপস্থিতিত গুণোৎসৱৰ তাৎপৰ্য আলোচনা কৰে। লগতে অভিভাৱক সকলৰ সৈতে বিদ্যালয়খনৰ সমস্যা, সফলতাৰ বিষয়ে মত বিনিময় কৰে।
আজিৰ অনুষ্ঠানত আৰু উপস্থিত থাকে বিদ্যালয়ৰ অধ্যক্ষ মহেন শইকীয়া, বিদ্যালয় পৰিচালনা সমিতিৰ উপ সভাপতি দেৱব্ৰত বিশ্বাসৰ লগতে আন বিষয় ববীয়া সকল, বিদ্যালয়ৰ শিক্ষকবৃন্দ আৰু কৰ্মচাৰী সকল, সংযোগী বিষয়া হিচাপে উপস্থিত আছিল পশ্চিম গোলাঘাট শিক্ষা খণ্ডৰ খণ্ড সমল ব্যক্তি প্ৰদীপ কুমাৰ শৰ্মা, আমন্ত্ৰিত অতিথিদ্বয় ক্ৰমে বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা আৰু কবি-সাংবাদিক অজন্তা তালুকদাৰৰ লগতে অভিভাৱকসকল।