![]()
ডোপ টেষ্টত (Dope Test) ব্যৰ্থ হোৱাৰ বাবে দীপা কৰ্মকাৰে (Deepa Karmakar) কঠোৰ শাস্তি (Punishment) পাবলগীয়া হʼল। ২১ মাহৰ বাবে নিৰ্বাসিত (Exile for 21 months) হৈছে জিমনাষ্টগৰাকী (gymnast)। তেওঁক শাস্তি প্ৰদান কৰে আন্তঃৰাষ্ট্ৰীয় টেষ্টিং এজেন্সীয়ে।
তাৰ পিছৰে পৰা আইটিএই দীপাক নিৰ্বাসিত কৰিলেও এই শাস্তি আগতেও বলবৎ হৈছে। ২০২১ চনৰ অক্টোবৰৰ পৰা কোনো ধৰণৰ খেলত অংশ লʼব পৰা নাই দীপাই। এই শাস্তি ২০২৩ চনৰ জুলাইলৈকে প্ৰযোজ্য হʼব। ৰিঅ’ অলিম্পিকত পদক লাভৰ পৰা অলপৰ বাবে বাদ পৰা দীপাই এই সময়ছোৱাত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব।

আই টি এৰ তথ্য অনুসৰি, দীপাৰ শৰীৰত হাইজিনামাইন নামৰ নিষিদ্ধ পদাৰ্থ উদ্ধাৰ কৰা হৈছে। ২০২১ চনত ফেডাৰেচন ইণ্টাৰনেচনেল ডি জিমনাষ্টিকছ (FIG) নামৰ এটা সংস্থাই দীপাৰ শৰীৰত এই নিষিদ্ধ পদাৰ্থ উদ্ধাৰ কৰে। ইয়াৰ পিছত ২০২১ চনৰ ১১ অক্টোবৰৰ পৰা দীপাক নিৰ্বাসিত কৰা হয়। পিছত আই টি এয়ে দীপাৰ নমুনা পৰীক্ষা কৰে। তাত তেওঁলোকে দীপাৰ নমুনাত হাইজিনামাইন পাইছিল। এই পদাৰ্থই হাওঁফাওঁত অক্সিজেনৰ মাত্ৰা বৃদ্ধি কৰাত সহায় কৰে।
আন্তঃৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই লগতে কয় যে যিহেতু দীপাই ইতিমধ্যে ১৬ মাহ নিৰ্বাসনৰ কাৰাদণ্ড ভুগিছে, গতিকে আৰু পাঁচ মাহ কটাবলগীয়া হʼব। কিন্তু জিমনাষ্টগৰাকীৰ বাবে আশাৰ কিৰণ। ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ আগত তেওঁৰ নিষেধাজ্ঞা উঠাই লোৱা হ’ব ফলত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দীপাৰ কোনো সমস্যা নহʼব।
২০১৬ চনৰ ৰিঅ’ অলিম্পিকত দীপাই ব্ৰঞ্জৰ পদক লাভ কৰিব নোৱাৰিলে। ইয়াৰ পিছত তেওঁ দীৰ্ঘদিন ধৰি আঘাতত ভুগিছিল। আঘাতৰ পৰা সুস্থ হোৱাৰ পিছত তেওঁক নিৰ্বাসনৰ শাস্তি প্ৰদান কৰা হয়। তাৰ বাবেই তেওঁ যোৱা ছয়খন বিশ্ব চেলেঞ্জ কাপৰ ছিৰিজৰ তিনিখন খেলত অংশ লʼব নোৱাৰিব। পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিবলৈ এই প্ৰতিযোগিতাসমূহ অতি গুৰুত্বপূৰ্ণ। গতিকে বাকী তিনিখন প্ৰতিযোগিতাত দীপাই নিজৰ শ্ৰেষ্ঠখিনি দিব লাগিব।













