ASSAM TIMES POST
গুৱাহাটীঃ গুৱাহাটীৰ বশিষ্ঠত বুধবাৰে ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ স্থায়ী মুখ্য কাৰ্যালয়ৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস, সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী নৱকুমাৰ দলে, দিশপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, প্ৰদেশ বিজেপিৰ মুখপাত্ৰ ডাঃ নোমল মমিন আৰু বিজেপিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ফণীন্দ্ৰ শৰ্মা উপস্থিত থাকে৷

নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰি নিজৰ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী সোণোৱালে কয় যে এই ভৱনটো দলৰ কাৰ্যকৰ্তাসকলৰ বাবে মিলনস্থলী হিচাপে পৰিগণিত হ’ব। জানিবপৰামতে, অহা দুবছৰৰ ভিতৰত ভৱনটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব। ইতিমধ্যে নিৰ্মাণ হ’বলগীয়া ভৱনটোৰ নক্সা প্ৰকাশ কৰিছে প্ৰদেশ বিজেপিয়ে। এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে বৰ্তমান গুৱাহাটীৰ হেঙেৰাবাৰীত প্ৰদেশ বিজেপিৰ কাৰ্যালয় অৱস্থিত। পূৰ্বে গুৱাহাটীৰ ভিন্ন স্থানত প্ৰদেশ বিজেপিৰ সদৰ কাৰ্যালয় স্থাপন কৰা হৈছিল।













