স্বপ্নভংগ ! ছানিয়া মিৰ্জা (Sania Mirza)ই চকুলোৰে গ্ৰেণ্ড শ্লেমৰ পৰা বিদায় (Goodbye to Grand Slam) ল’লে। অষ্ট্ৰেলিয়ান অʼপেন (Australian Open)ৰ মিক্সড ডাবলছৰ ফাইনেল (Mixed Doubles Final)ত ব্ৰাজিলৰ যুটি লুইছা ষ্টেফানী আৰু ৰাফেল মেটছৰ হাতত পৰাস্ত হয় ছানিয়া মিৰ্জা আৰু ৰোহন বোপ্পানা (Sania Mirza and Rohan Bopanna lost)। খেলখনৰ ফলাফল ৬-৭, ২-৬।
ইয়াৰ জৰিয়তেই ভাৰতীয় টেনিছ সুন্দৰীগৰাকীৰ আন্তঃৰাষ্ট্ৰীয় টেনিছ কেৰিয়াৰত পৰিল যৱনিকা। অষ্ট্ৰেলিয়ান অʼপেনৰ ফাইনেলত পৰাস্ত হৈ অন্তিমটো গ্ৰেণ্ড শ্লেমৰ অন্ত পেলায় ছানিয়া মিৰ্জাই। মেচৰ পিছত চকুলোৰে ভাঙি পৰে তেওঁ। কথা কওঁতে বাৰে বাৰে চকুলো মচে তেওঁ। স্বাভাৱিক হʼবলৈ চেষ্টা কৰে।
অৱশ্যে পত্নীৰ বিদায় অনুষ্ঠানত উপস্থিত নাছিল শ্বোৱেইব মালিক। কিন্তু চাৰি বছৰীয়া পুত্ৰ ইঝান মিৰ্জা মালিকক গেলেৰীত দেখা যায়।আৱেগিক ছানিয়াই কয়, “মোৰ পৰিয়াল ইয়াত আছে। মই কেতিয়াও ভবা নাছিলো যে মই মোৰ লʼৰাৰ সন্মুখত গ্ৰেণ্ড শ্লেমৰ ফাইনেল খেলিব পাৰিম।”
জীৱনৰ শেষ গ্ৰেণ্ড শ্লেম বুলি অভিহিত কৰি তেওঁ সহযোগী খেলুৱৈ ৰোহন বোপান্নাক ধন্যবাদ জনাই তেওঁক শ্ৰেষ্ঠ অংশীদাৰ বুলি উল্লেখ কৰে। ৩৬ বছৰীয়া ছানিয়াই ডাবলছত ৬টা গ্ৰেণ্ড শ্লেম জয় কৰিছে। ২০১৬ চনত ডাবলছত শেষবাৰৰ বাবে চেম্পিয়ন হৈছিল। ছানিয়াৰ তিনিটা মিক্সড ডাবলছ খিতাপ আৰু তিনিটা ডাবলছ খিতাপ আছে।
মন কৰিব যে ২০০৩ চনৰ পৰাই তেওঁ পেছাদাৰী টেনিছ খেলি আহিছে। হায়দৰাবাদী টেনিছ তাৰকাগৰাকীয়ে একেৰাহে ১৯ বছৰ ধৰি টেনিছৰ শীৰ্ষ পৰ্যায়ত খেলি আহিছে। ছানিয়াই আৰু কিছু টুৰ্ণামেণ্ট খেলিব বিচাৰিছিল। কিন্তু গ্ৰেণ্ড শ্লেম ইয়াতেই শেষ হয়। মেলবৰ্ণ পাৰ্কত আৰম্ভ হৈছিল ছানিয়াৰ গ্ৰেণ্ড শ্লেম যাত্ৰা। সেই অধ্যায়টো ইয়াতেই শেষ হয়। বৃত্ত সম্পূৰ্ণ হ’ল ছানিয়াৰ ।