ASSAM TIMES POST
ডিব্ৰুগড় : এক লোমৰ্শষক ঘটনাই কঁপাই গল সমগ্ৰ ডিব্ৰুগড়। স্বয়ং মুখ্যমন্ত্ৰীৰ গৃহ চহৰ ডিব্ৰুগড়ৰৰ মাজমজিয়াত আজি সন্ধিয়াতে এগৰাকী লোকক নিজ ঘৰৰ সমীপতে গুলীয়াই হত্যা কৰা ঘটনাই সৰ্বত্ৰে তীব্ৰ চাঞ্চল্যৰ স্বৃষ্টি কৰিছে।

জানিব পৰা মতে ডিব্ৰুগড় চহৰৰ গ্ৰেহেমবজাৰ জাহাজৰাম পথত(গ্ৰেহেম বজাৰ ইদগাহ ময়দানৰ সন্মুখত) সংঘটিত হয় এই লোমহৰ্ষক ঘটনা।উক্ত ঘটনাত ওম প্ৰকাশ আগৰৱালা নামৰ এজন ব্যক্তি ঠিতাতে নিহত হয়।নিহত ব্যক্তিজন মাইজানৰ বিনায়ক ফ্লৰ মিলৰ প্ৰধান কৰ্মচাৰী আছিল বুলি জানিব পৰা গৈছে।ঘটনাৰ বিবৰনী মতে ওম প্ৰকাশ আগৰৱালাই আন দিনাৰ দৰে আজিও নিজ কৰ্মস্থলীৰ পৰা বজাৰ-সমাৰ কৰি নিজ গৃহলৈ ৰঙা ৰঙৰ পালাচাৰ(এ এচ ০৬ কে ৪১৭২)বাইকেৰে আহি আছিল।সন্ধ্যা প্ৰায় ৬:৩০ বাজি গৈছিল আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা জাহাজৰাম পথৰে নিজ গৃহলৈ বুলি গৈ থকা অৱস্থাতে ঘৰলৈ প্ৰায় ১০০ মিটাৰ থকা অৱস্থাত,এক পৰিত্যক্ত ঘৰৰ সন্মুখৰ এক নিৰ্জন আৰু অন্ধকাৰ ঠাইত বাইকত ফুল মাস্ক হেলমেট পিন্ধি অহা বুলি সন্দেহ কৰা দুজন ব্যক্তিয়ে ওমপ্ৰকাশক(৫২) পিছফালৰ পৰা নিচেই ওচৰৰ পৰা গুলিয়ায় দিয়াত স্থলীতে নিহত হয়।নিহত ব্যক্তিজনৰ মুৰত চোকা অস্ত্ৰৰ দাগো পিছত প্ৰত্যক্ষ কৰা হয়।বাইকসহ ওম প্ৰকাশ ঘটনাস্থলীতে নিহত হোৱাত, ঘটনা সংঘটিত কৰিয়েই দুস্কৃতিকাৰীয়ে আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে।

ঘটনাৰ প্ৰত্যক্ষদৰ্শী কোনো নথকাত তথা ষ্ট্ৰীট লাইট নথকাত আততায়ী কোন দিশেৰে পলায়ন কৰে সেয়া জানিব পৰা হোৱা নাই।পিছত ওম প্ৰকাশক অসম মেডিকেল কলেজলৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।কিয় ওম প্ৰকাশক এনেদৰে হত্যা কৰা হল সেই বিষয়ে এতিয়াও সুস্পষ্ট হোৱা নাই যদিও জিলা আৰক্ষী অধীক্ষক গৌতম বৰাই সাংবাদিকক কয় যে ওম প্ৰকাশ নামৰ ব্যক্তিগৰাকীয়ে চহৰখনৰ জ্যোতি নগৰৰ ৰাজেশ বেৰিৱাল মালিকানাধীন মিলত দীৰ্ঘ বছৰ ধৰি কাম কৰি আহিছিল।ওম প্ৰকাশে মিলৰ আটা বিতৰন কৰা দোকানসমূহৰ পৰা সময়ে সময়ে প্ৰায় দুই লাখৰ পৰা তিনি লাখ টকা সংগ্ৰহ কৰি নিজ ঘৰলৈ লৈ আহি পুনৰ পুৱাৰ ভাগত জমা দিয়ে।সেয়ে হয়তো কোনো লোকে এই বিষয়ে জানিব পাৰি পূৰ্বপৰিকল্পিত মতে লোকজনৰ পিছ লয় আৰু আজি সেইমতে উক্ত নিৰ্জন ঠাইত লোকজনক হত্যা কৰি তেঁওৰ লগত থকা ধন লৈ উধাও হয়।হয়তো মানুহক আতংকিত কৰিবৰ বাবেই দুস্কৃতিকাৰীয়ে এঁজাই গুলি ফটাই থৈ যায় বুলিও কয় অধীক্ষক গৰাকীয়ে।কিয়নো এতিয়ালৈ ওম প্ৰকাশৰ দেহত কোনো গুলিৰ চিহ্ন পোৱা নাই বুলি অধীক্ষক গৰাকীয়ে দাবী কৰে।ঘটনাৰ সন্দৰ্ভত বতমানলৈ কোনো লোকক সোধ-পোচৰ বাবে আটক বা গ্ৰেপ্তাৰ কৰা হোৱা নাই।আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।মৃত ওমপ্ৰকাশে দুগৰাকী জীয়ৰীসহ পত্নীক ইহসংহাৰত এৰি থৈ গৈছে।











