![]()
গোটেই কথাটো এক ‘নাটক’। দিল্লী মহিলা আয়োগৰ মুৰব্বী স্বাতী মালিৱাল swati maliwal ক ৰাজধানীৰ ৰাজপথত মাজনিশা মদ্যপান কৰা চালকৰ দ্বাৰা হাৰাশাস্তি কৰাৰ পিছতে বিজেপিৰ নেতাসকলে এই মন্তব্য কৰে। বৃহস্পতিবাৰে স্বাতীৰ এই অভিযোগে দিল্লী Delhi ৰ আইন-শৃংখলাৰ পৰিস্থিতি আৰু আৰক্ষীৰ ভূমিকাক লৈ ডাঙৰ প্ৰশ্ন উত্থাপন কৰে।

এই বিষয়ত দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে Arvind Kejriwal আইন-শৃংখলাৰ দায়িত্বত থকা লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছাক্সেনালৈ আঙুলি টোৱায়। সেই ঘটনাৰ পৰিপ্ৰেক্ষিতত আজি কেইবাজনো বিজেপি নেতাই মুখ মেলিছে। বিজেপি নেত্ৰী ছাজিয়া ইলমীয়ে টুইট কৰি কয়, “আম আদমী পাৰ্টিয়ে এটা সংবাদ মাধ্যমৰ সহযোগত ষ্টিং অপাৰেচন চলাইছে। যাৰ উদ্দেশ্য কেৱল দিল্লী আৰক্ষীক কলঙ্কিত কৰা।”
টিআৰপি বৃদ্ধিৰ বাবে এটা ব্যক্তিগত চেনেলে কিয় এনে কৰিব আৰু ৰাজনৈতিক সুবিধা লাভৰ বাবে কোনো ৰাজনৈতিক দলে মহিলাৰ সুৰক্ষাৰ দৰে স্পৰ্শকাতৰ বিষয় এটা কিয় ব্যৱহাৰ কৰিব পাৰে, ইয়াক লৈ সৰব ছাজিয়া। আন এজন বিজেপি নেতা হৰিশ খুৰাণাই অভিযোগ কৰে যে এই ঘটনাৰ ১৪ ঘণ্টাৰ পাছতো স্বাতীয়ে কিয় মৌন হৈ আছিল। এটা ব্যক্তিগত সংবাদ মাধ্যমৰ ছচিয়েল মিডিয়াত প্ৰচাৰিত এক ভিডিঅ’ অনুসৰি সেইদিনা মাজনিশা ফুটপাথত থিয় হৈ স্বাতীৰ ওচৰত গাড়ীখন ৰৈছিল। পিছত স্বাতীয়ে ৰাস্তাৰে খোজকাঢ়ি গৈ চালকৰ লগত কথা পাতি থকা দেখা গʼল।
বহু নেটিজেনৰ প্ৰশ্ন হʼল স্বাতীয়ে নিজে কিয় আগবাঢ়ি গৈ তেনেকৈ কথা কʼলে? কিয় জানো খিৰিকীৰে হাতখন দি গাড়ীৰ চাবি কাঢ়ি লৈ চালকজনক আটক কৰিবলৈ গʼল। কিন্তু সকলো অভিযোগ খাৰিজ কৰিলে স্বাতীয়ে। তেওঁ কয়, আপ নেত্ৰী হোৱা বাবেহে এনে কথা উত্থাপন কৰা হৈছে। ইয়াতো ভুক্তভোগীক দোষাৰোপ কৰাৰ লেতেৰা খেল চলি আছে। এই সন্দৰ্ভত দিল্লী আৰক্ষীৰ পৰা প্ৰতিবেদন বিচাৰিছে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ ৰেখা শৰ্মাই।
শেহতীয়াকৈ দিল্লীৰ কাঞ্জাৱালা অঞ্চলত এগৰাকী যুৱতীক অসাৱধান গাড়ীয়ে কেইবা কিলোমিটাৰমান টানি লৈ যায়। স্বাতীয়ে দাবী কৰে যে সেই ঘটনাৰ পিছত ৰাজধানীৰ ৰাজপথত ছোৱালীৰ সুৰক্ষাৰ বাবে কানঝাৱালা, মুনিৰ্কা, মুণ্ডকা, হাউজ খাছ অঞ্চল পৰিদৰ্শন কৰিছিল। তেওঁৰ দলটো ওচৰতে আছিল। সেই সময়ত হৰিশচন্দ্ৰ নামৰ এজন চালকে মদ্যপান কৰি স্বাতীক নিৰ্যাতন চলাইছিল।












