নায়িকা নে লিটিল মাষ্টৰৰ কন্যা? শুভমন গিলে (Shubham Gill) কাৰ লগত পাতিব বিয়া ? ইয়াকে লৈ এতিয়া তুমুল চৰ্চা। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা মিম। এই মিম অনুসৰি, শুভমনে ইতিমধ্যে শচীন তেণ্ডুলকাৰৰ কন্যা চাৰাৰ (Sachin Tendulkar’s daughter Sara) সৈতে আনুষ্ঠানিক এংগেজমেণ্টৰ কথা ঘোষণা কৰিছে। আনহাতে, খেলুৱৈগৰাকীক বহিঃৰাজ্যৰ কেইবাখনো ৰেষ্টুৰেণ্টত বলীউডৰ নায়িকা চাৰা আলী খানৰ (Bollywood actress Sara Ali Khan) সৈতেও দেখা গৈছে।
নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শুভমনে ২০৮ ৰান সংগ্ৰহ কৰে। তেওঁ একেৰাহে তিনিটা ছয়েৰে এই ৰান সংগ্ৰহ কৰে। ২২ গজৰ আনটো মূৰত এটা এটাকৈ উইকেট পৰি গ’লেও শুভমনে দৃঢ়তাৰে খেলি যায়। ৫০ অভাৰৰ মেচত দ্বিশতক অৰ্জন কৰি শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰিছে দেশৰ কনিষ্ঠ ক্ৰিকেটাৰ গৰাকীয়ে। অভিলেখ ভংগ কৰাৰ পুৰস্কাৰ হিচাপেই শচীনে শুভমনক ‘জোঁৱাই’ বুলি ঘোষণা কৰিছে! কাৰণ শুভমনৰ এসময়ত কন্যা চাৰাৰ লগত সম্পৰ্ক আছিল।
আনহাতে, খেলুৱৈগৰাকীয়ে নিজেই চোনম বাজৱাক চাৰা আলী খানৰ সৈতে হোৱা ৰোমাঞ্চৰ কথা কয়। তেওঁ লগতে কয়, চাৰা উদ্যোগটোৰ আটাইতকৈ উপযুক্ত অভিনেত্ৰী। আৰু বলীউডৰ সৈতে ২২ গজৰ সম্পৰ্ক বহুত পুৰণি। অঞ্জু মহেন্দ্ৰ-গেৰী চোবাৰ্ছ বা ভিভ ৰিচাৰ্ড-নীনা গুপ্তাতো আছেই। এই তালিকাত আছে ৰীণা ৰয়-মহচিন খানো। শেহতীয়াকৈ কে এল ৰাহুলৰ সৈতে বিবাহপাশত আবদ্ধ হʼবলৈ ওলাইছে আথিয়া শ্বেট্টী। শৰ্মিলা ঠাকুৰৰ বিবাহ হৈছিল চাৰা আলী খানৰ ককাক নবাব পাটৌদিৰ সৈতে। চাৰাই এই পৰম্পৰাক আগুৱাই লৈ গৈছে নেকি?