ফুটবল খেলৰ উদ্বোধনী অনুষ্ঠানত (Opening ceremony of the football game) অমিতাভ বচ্চন (Amitabh Bachchan)! সন্মুখত থিয় হৈ আছে মেছি, ৰোনাল্ডো, এমবাপে (Messi, Ronaldo, Mbappe)।চৌদি আৰবৰ খেলপথাৰৰ এনে দৃশ্যই আপ্লুত কৰিছে বচ্চন-অনুৰাগীক। “শ্বেহেনছা”য়েও হাঁহিমুখে সকলোৰে লগত হাত মিলায়। ইয়াৰ পিছতে তেওঁ নিজৰ ইনষ্টাগ্ৰামত ভিডিঅʼটো শ্বেয়াৰ কৰে।
তাত লিখিছে, “গোটেই কথাটো সপোন যেন লাগিছে! ভাবিব নোৱাৰি ৰিয়াধত এটা সন্ধিয়া… ক্রিষ্টিয়ানো ৰোনাল্ডো, লিয়নেল মেছি, এমবাপে, নেইমাৰ সকলো একেলগে খেলা … মই সঁচাকৈয়ে খেলৰ মুকলি অনুষ্ঠানত আমন্ত্ৰিত অতিথি… পিএছজি বনাম ৰিয়াধ ছিজনছ.. অবিশ্বাস্য!!!
লিয়নেল মেছিৰ নেতৃত্বত কিং ফাহদ আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত ৰিয়াধ একাদশ আৰু পেৰিছ চেণ্ট জাৰ্মেইনৰ (পিএছজি) মাজত অনুষ্ঠিত হয় মেচখন। খেলখনৰ আৰম্ভণিতে অমিতাভক মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হয়।
অমিতাভৰ টুইট, ব্লগ, ইনষ্টাগ্ৰাম সকলো সময়তে হিট। বাকী বলীউডৰ তাৰকাসকলে এই ভিডিঅ’টো চাই উৎফুল্লিত হৈ পৰিছে। ডিনো মাৰিয়াই মন্তব্যত লিখিছে, “আচৰিত! কি এক ডাঙৰ অভিজ্ঞতা। তেওঁলোকে আপোনাক লগ পালে।” বিৰাট কোহলীয়ে মন্তব্য কৰে, “ফেণ্টাষ্টিক”। নীল নীতিন মুকেশে লিখিছে, “কি এক আইকনিক মুহূৰ্ত।” ইনষ্টাগ্ৰামৰ উপৰি অমিতাভ বচ্চনে তেওঁৰ ব্লগত কিছু ছবিও শ্বেয়াৰ কৰে। অভিষেক বচ্চন আৰু শ্বেতা বচ্চন নন্দকো তেওঁৰ লগত উপসাগৰীয় দেশলৈ যোৱা দেখা গৈছে।
শ্বেতাই খেলখনৰ কিছু ছবিও নিজৰ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে।ছৌদি ফুটবল ক্লাব আল নাছৰৰ সৈতে চুক্তিবদ্ধ হোৱাৰ পিছত ক্রিষ্টিয়ানো ৰোনাল্ডোৰ এইখন প্রথম খেল৷ যোৱা বছৰ ফিফা বিশ্বকাপৰ পিছত তেওঁ মানচেষ্টাৰ ইউনাইটেড এৰি থৈ যায়। প্ৰীতি মেচখনত ছৌদি অল ষ্টাৰ একাদশৰ বিৰুদ্ধে মেছি আৰু ৰোনাল্ডোৱে প্ৰত্যেকেই গʼল দিয়ে।