অসম চৰকাৰৰ (Assam Government) নিৰ্দেশ মৰ্মে ‘স্বচ্ছতা পখৱাড়া’ক থীম হিচাপে লৈ যোৱা ১১ জানুৱাৰীৰ পৰা ৰাজ্যজুৰি চলি থকা পথ সুৰক্ষা সপ্তাহ (Road Safety Week-2023) ২০২৩ৰ আজি সফল সামৰণি (close) পৰে৷
এইলৈ সমগ্ৰ ৰাজ্যৰ লগতে পাৰ্বত্য জিলা কাৰবি আংলঙতো (Karbi Anglong) জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰি পথ সুৰক্ষা সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা অনাৰ পিছত আজি ডিফু উপায়ুক্ত কাৰ্যালয়ৰ (Diphu Deputy Commissioner’s Office) পৰা ডিফু-লামডিং পথৰ পাঁচ কিলোমিটাৰ ল’ৰা-ছোৱালী উভয় শাখাৰ প্ৰাইজমনি মাৰাথান দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি পথ সুৰক্ষা সপ্তাহ ২০২৩ৰ সফল সমাপ্তি ঘটায়৷
এইলৈ আজি প্ৰাত: পুৱাতেই ডিফু উপায়ুক্ত কাৰ্যালয় সমবেত হোৱা প্ৰতিযোগীসকলৰ প্ৰাইজমনি মাৰাথান দৌৰৰ ফ্লেগ অফ কৰে অতিৰিক্ত উপায়ুক্ত ছাইফুদুল্লাহ খান আৰু জিলা ক্ৰীড়া বিষয়া ৰিলিপ ৰংহাঙে ৷
ল’ৰা-ছোৱালীৰ উভয় শাখাৰ প্ৰায় ৮৫ গৰাকী প্ৰতিযোগীয়ে মাৰাথান দৌৰত অংশগ্ৰহণ কৰি ল’ৰাৰ মুঠ ১০ কিলোমিটাৰ আৰু ছোৱালীৰ মুঠ ৫ কিলোমিটাৰ দৌৰ সম্পন্ন কৰে ৷ মাৰাথান দৌৰৰ বিজয়ী সকল ল’ৰা-ছোৱালীৰ উভয় শাখাত ক্ৰমে, দিনেশ কুমাৰ, বিপুল সৎনামী, তেজ বাহাদুৰ থাপা, ৰিংকি কুমাৰী, কাজিৰ মিলিকপী আৰু লক্ষ্মী বে’পী ৷
আনহাতে এই উপলক্ষে ডিফুস্থিত উপায়ুক্ত কাৰ্যালয় চৌহদত আয়োজিত পথ সুৰক্ষা সপ্তাহৰ অনুষ্ঠানৰ আঁত ধৰে জিলা পৰিবহন বিষয়া বিক্ৰমাদিত্য গগৈ ৷ অনুষ্ঠানটোত জিলাখনৰ বিশিষ্ট খেলুৱৈ পখিলা ইংতিপী, মঙলছিং হাঞ্চে, চিকাৰী ইংহি, ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাষ্টাৰ্চ গেমচৰ খেলুৱৈ চন্দ্ৰছিং টেৰণ আৰু ৰুমিলা তেৰাংপীক জিলা পৰিবহন বিভাগৰ তৰফৰ পৰা ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱা হয়৷ ইয়াৰ পিছত ল’ৰা-ছোৱালীৰ উভয় শাখাৰ মাৰাথান প্ৰাইজমনি প্ৰতিযোগিতাত বিজয়ীসকলক নগদ ধন আৰু মানপত্ৰৰে পুৰষ্কৃত কৰা হয়৷
উক্ত অনুষ্ঠানত ক্ৰমে, জিলা আৰু আৰক্ষী প্ৰশাসনৰ কেইবাগৰাকী উচ্চ পদস্থ বিষয়াৰ লগতে জিলা পথ সুৰক্ষা সমিতিৰ বিষয়া কৰ্মীসকল উপস্থিত থাকে ৷ সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত জিলা পৰিবহন বিষয়া বিক্ৰমাদিত্য গগৈয়ে কয় যে, পথ সুৰক্ষা সপ্তাহ উপলক্ষে জিলাখনৰ বৃদ্ধি পাই অহা দুৰ্ঘটনা হ্ৰাস কৰিবলৈ জিলা পথ সুৰক্ষা সমিতিয়ে জিলাখনৰ বিভিন্ন স্থানত বাইক ৰেলী, সজাগতা সভা, বাটৰ নাট, চালক-পৰিচালকসকলৰ বাবে বিনামূলীয়া চকু চিকিৎসা শিৱিৰ, পোষ্টাৰিং আৰু বেনাৰিঙেৰে ৰাইজৰ মাজত সৃষ্টি কৰাৰ লগতে আজি প্ৰাইজমৱি মাৰাথান দৌৰেৰে পথ সুৰক্ষা সপ্তাহ ২০২৩ৰ সফল সামৰণি কৰা হয়৷