মহিলা আইপিএলৰ সম্প্রচাৰ (Women’s IPL Broadcast) স্বত্বও ক্ৰয় কৰিলে মুকেশ আম্বানীৰ (Mukesh Ambani also bought the rights) ৰিলায়েন্সৰ ভায়াকম ১৮-এ (At Reliance’s Viacom 18)। বিচিচিআইৰ সৈতে ২০২৩-২০২৭ চনলৈ, অর্থাৎ ৫ বছৰৰ চুক্তি কৰিছে। মুঠ ৯৫১ কোটি টকাত সম্প্রচাৰ স্বত্ব কিনিছে ভায়াকমে। টুইটাৰত এইকথা জনাইছে বিচিচিআইৰ সচিব জয় শ্বাহে।
মহিলা আইপিএলৰ সম্প্রচাৰ স্বত্ব ক্ৰয়ৰ যুঁজত ভায়াকমৰ সৈতে আছিল ডিজনি ষ্টাৰ, ছনি আৰু জি টিভি। কিন্তু সকলোকে পৰাস্ত কৰে ভায়াকমে। টেলিভিছন আৰু ডিজিটেল দুয়োটা স্বত্বই কিনিছে কোম্পানীটোৱে। ইয়াৰ বাবে প্ৰতিখন মেচত ৭ কোটিকৈ দিব লাগিব।
উল্লেখ্য, অহা ৩ মার্চৰ পৰা ২৬ মার্চ পর্যন্ত মহিলাৰ প্রথম আইপিএল অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। মহিলাৰ আইপিএল বাণিজ্যিকভাবে সফল কৰিবলৈ চেষ্টাৰ ত্রুটি এৰা নাই ক্রিকেট বিষয়াসকলে। পূৰ্বতেই ছয়টা ফ্ৰেঞ্চাইজিৰ মালিকানাৰ বাবে আগ্রহী কোম্পানীৰ পৰা নিবিদা বিচাৰিছে বোৰ্ডে। ইতিমধ্যে বহুকেইটাই নিবিদা প্ৰদান কৰা বুলি বোর্ডৰ সূত্রত প্ৰকাশ। অহা ২৫ জানুৱাৰীত দলকেইটাৰ নাম আৰু কোনে তাৰ মালিকানা লাভ কৰিব সেয়া প্ৰকাশ কৰা হ’ব।
মহিলাৰ আইপিএলৰ দলৰ নামো হ’ব চহৰভিত্তিক। কলকাতা, আহমেদাবাদ, চেন্নাই, বেঙ্গালুরু, দিল্লী, ধর্মশালা, গুৱাহাটী, ইন্দৰ, লখনউ আৰু মুম্বাই আছে তালিকাত।