ASSAM TIMES POST
নতুন দিল্লীঃ হোষ্টেলৰ মাচুল বৃদ্ধিৰ বিৰোধিতাৰে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে, মঙলবাৰে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে দিল্লী আৰক্ষীয়ে। কিষাণ গড় আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৬ আৰু ৩৫৩ ধাৰাৰ অধীনত এটা গোচৰ ইতিমধ্যে ৰূজু কৰা হৈছে।
উল্লেখযোগ্য যে সোমবাৰে সংসদৰ শীতকালীন অধিৱেশনৰ আৰম্ভণিৰ দিনটোতে হোষ্টেলৰ মাচুল বৃদ্ধিৰ বিৰোধিতাৰে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত জেএনইউৰ ছাত্ৰ-ছাত্ৰীসকলে সংসদ অভিমুখে প্ৰতিবাদী সমদল বাহিৰ কৰিছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত, আৰক্ষীৰে প্ৰতিবাদকাৰীসকলৰ সংঘাতৰ সূত্ৰপাত ঘটে। ছাত্ৰ-ছাত্ৰীসকলক আৰক্ষীয়ে শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ ইতিমধ্যে দিল্লী আৰক্ষীয়ে নাকচ কৰিছে।











