পৰৱৰ্তী বাজেট (Budget )প্ৰস্তাৱত সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ন্যূনতম মৌলিক দৰমহা বৃদ্ধিৰ কথা সংসদে ঘোষণা কৰিব পাৰে। সূত্ৰ অনুসৰি, আয়োগৰ পৰামৰ্শ অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ন্যূনতম মৌলিক দৰমহা (minimum basic pay) ১৮ হাজাৰ টকাৰ পৰা ২৬ হাজাৰ টকালৈ বৃদ্ধি কৰা হʼব।
নৰেন্দ্ৰ মোদী চৰকাৰে ‘ফিটমেণ্ট ফেক্টৰ’ সলনি কৰিব পাৰে বুলিও এক সূত্ৰই প্ৰকাশ কৰিছে। উল্লেখ্য, কৰ্মচাৰী সংঘই চৰকাৰক ফিটমেণ্ট ফেক্টৰ ২.৫৭ গুণৰ পৰা ৩.৬৮ গুণলৈ বৃদ্ধি কৰিবলৈ দাবী জনাইছিল।‘ফিটমেণ্ট ফেক্টৰ’ সলনি কৰিলে প্ৰায় ৩০ শতাংশ দৰমহা বৃদ্ধি পাব পাৰে। চৰকাৰী সূত্ৰ অনুসৰি, অহা বছৰৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হʼব এই নতুন ব্যৱস্থা। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা নিৰ্ধাৰণৰ ক্ষেত্ৰত ‘ফিটমেণ্ট ফেক্টৰ’এ মুখ্য ভূমিকা পালন কৰে।
সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ অনুসৰি ই ২.৫৭ গুণ।যদি কোনো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ মৌলিক দৰমহা ১৮ হাজাৰ টকা হয় তেন্তে ভাট্টা অবিহনে তেওঁৰ দৰমহা ১৮ হাজাৰ টকাৰ ২.৫৭ গুণ অৰ্থাৎ ৪৬২৬০ টকা। কৰ্মচাৰী সংঘৰ দাবী পূৰণ হʼলে দৰমহা ৩.৬৮ গুণ বৃদ্ধি কৰি অৰ্থাৎ ৯৫,৬৮০ টকা হʼব!