এজন পৰিচিত ব্যক্তিয়েই এগৰাকী মহিলাৰ ওপৰত এচিড নিক্ষেপ(Acid Attack) কৰে। দক্ষিণ মুম্বাই (Mumbai )ৰ লোকমান্য তিলক মাৰ্ক অঞ্চলত সংঘটিত হয় এই ঘটনা। আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।
শুকুৰবাৰে পুৱতি নিশা মহিলাগৰাকীক এচিডেৰে আক্ৰমণ কৰাৰ অভিযোগ। অভিযুক্তৰ চিনাকি ৬২ বছৰীয়া মহিলাগৰাকী। আৰক্ষীৰ প্ৰাৰম্ভিক ধাৰণা মতে, পুৰণি শত্ৰুতাৰ বাবেই এই আক্ৰমণ। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, শুকুৰবাৰে পুৱা প্ৰায় ৫.৩০ বজাত ঘৰৰ সমীপত পানী ভৰাই আছিল মহিলাগৰাকীয়ে। প্ৰথমে অভিযুক্তই মহিলাগৰাকীৰ বিষয়ে বেয়াকৈ কয়। ইয়াৰ পিছতে মহিলাগৰাকীৰ ওপৰত এচিড নিক্ষেপ কৰা বুলি অভিযোগ উঠিছে।
আক্ৰান্ত মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি, তেওঁৰ আঘাত গুৰুতৰ। অভিযুক্ত ব্যক্তিজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩২৬এ, ৩০৭, ৫০৪ আৰু ৫০৬ ধাৰাত গোচৰ ৰুজু কৰা হৈছে।